অহা ১৫ ফেব্ৰুৱাৰীত সৰুসজাঁইত অনুষ্ঠিত হ’ব ফিল্মফেয়াৰ এৱাৰ্ড।পোনপ্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’বলগা এই এৱাৰ্ডত অসম পৰ্যটন নিগমে ২৩ কোটি টকা ব্যয় কৰিছে।ইতিমধ্যে বুক মাই শ্ব’ৰ জৰিয়তে ২১৬৫ টা টিকট বিক্রী হৈছে।আজি অসম পৰ্যটন নিগমৰ সভা হলত অনুষ্ঠিত এক সংবাদমেলত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে ১২ মিনিটৰ ভিতৰত অসমীয়া সংস্কৃতি প্ৰতিফলিত হ’ব পৰাকৈ অনুষ্ঠান অনুষ্ঠিত হ’ব।জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি বলিউডত প্ৰতিষ্ঠিত বহু শিল্পীয়ে অংশগ্রহণ কৰিব।যতীন গোস্বামীৰ তত্বাৱধানত সত্ৰীয়া,ৰঞ্জিত গগৈৰ নেতৃত্বত বিহু নৃত্য আৰু ৩০ টা জনগোষ্ঠীয় নৃত্যৰ ফিউজনৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব।ইতিমধ্যে কাজিৰঙা,মানস,পবিতৰা,শিৱসাগৰলৈ আহি বৰুণ ধাৱান,আয়ুস্মান খুৰানা,ভূমি পেডনেকাৰ,কৰিশ্মা তান্না,এলি আব্ৰাম আহি অসম পৰ্যটনৰ লগতে ফিল্মফেয়াৰৰ প্ৰমো’ত অংশ লৈছে।অৱছম আচামৰ ৱেবচাইটৰ জৰিয়তে ৮ ফেব্ৰুৱাৰীত অনলাইনযোগে টিকট ক্ৰয় কৰিব পাৰিব।উল্লেখযোগ্য যে টিকটৰ মূল্য ১০০০ টকাৰ পৰা ৩ লাখ টকা পৰ্যন্ত আছে ।স্মৰ্তব্য যে ৩৫ শতাংশ টিকট অসম পৰ্যটন নিগমে বিক্রী কৰিব।প্ৰায় ২৩ গৰাকী বলিউডৰ নামী দামী তাৰকা ফিল্মফেয়াৰ অনুষ্ঠানত উপস্থিত থাকিব বুলি নিশ্চিত কৰিছে।
Trending
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year