আহোম যুগৰ বহু ঐতিহাসিক সম্পদ আজিও সংৰক্ষণ হৈ আছে অৰুণাচলত

0 528

আজিও বন্ধুত্বপূৰ্ণ সম্পৰ্ক অটুট আছে অসম তথা অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজত। যাৰ ফলত আহোম যুগৰ বহু ঐতিহাসিক সম্পদ আজিও সংৰক্ষণ কৰি ৰাখিছে অৰুণাচল প্ৰদেশৰ ৱাংচু জনগোষ্ঠীৰ লোকসকলে।
উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম আৰু প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ। ভাৰতবৰ্ষৰ প্ৰথমে বেলিৰ পোহৰ পৰা ৰাজ্য হিচাপে পৰিচিত অৰুণাচল প্ৰদেশত বাস কৰা শতাধিক জনগোষ্ঠীৰ লোকসকল শিক্ষা, স্বাস্থ্য, যোগাযোগ আদি দিশৰপৰা যথেষ্ট পিছপৰি আছে যদিও কলা-সংস্কৃতিৰ দিশৰপৰা তেওঁলোক যথেষ্ট চহকী। অৰুণাচল প্ৰদেশৰ অন্যান্য জনগোষ্ঠীৰ দৰে নৱগঠিত লংডিং জিলাত বাস কৰা ৱাংচু জনগোষ্ঠীৰ লোকসকল নিজৰ ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট সচেতন। লক্ষাধিক জনসংখ্যাৰ ৱাংচু জনগোষ্ঠীটো এতিয়াও অৰুণাচল প্ৰদেশৰ পিছপৰা জনগোষ্ঠীৰ শ্ৰেণীতেই আছে যদিও নিজৰ পৰম্পৰাগত নীতি-নিয়ম, উৎসৱ-পাৰ্বন আদি পালনৰ ক্ষেত্ৰত তেওঁলোক কিন্তু যথেষ্ট শৃংখলাবদ্ধ আৰু আগবঢ়া। অসমৰ চুবুৰীয়া ৰাজ্যখনত বাস কৰা ৱাংচু জনগোষ্ঠীৰ লোকসকলৰ লগত অসমবাসীৰ সম্পৰ্ক পূৰ্বৰ পৰাই যথেষ্ট বন্ধুত্বপূৰ্ণ।
কথিত আছে যে আহোম ৰাজত্বৰ সময়ত আহোম সৈন্য বাহিনীয়ে যেতিয়া মোগল বাহিনীৰ লগত যুদ্ধত নামিছিল তেতিয়া ৱাংচু জনগোষ্ঠীৰ লোকসকলে আহোম সৈন্যসকলক বিভিন্ন প্ৰকাৰে সহায সহযোগ কৰিছিল। ইয়াৰ বিনিময়ত আহোম সৈন্যসকলে ৱাংচু জনগোষ্ঠীৰ লোকসকলক বন্ধুত্বৰ চিনস্বৰূপে বিভিন্ন বয বস্তু উপহাৰ হিচাপে দিছিল।
কথিত আছে যে আহোম ৰাজত্বৰ অন্যতম প্ৰতাপী ৰজা স্বৰ্গদেউ গদাধৰ সিংহই ৱাংচু ৰাজকন্যা নেফে ৱাংচাক বিয়া কৰাইছিল। পৰৱৰ্তী সময়ত নেফে ৱাংচা ডালিমী হিচাপে পৰিচিত হয়। ডালিমীৰ ইচ্ছা অনুসৰি তেওঁৰ মৃত্যুৰ পাছত মৃতদেহ পিতৃগৃহ কাণুবাৰীত ঐতিহাসিক লাহদৈগড়ৰ কাষত আহোম পৰম্পৰা অনুসৰি মৈদাম দিয়া হয়। অৰুণাচল প্ৰদেশৰ ৱাংচু জনগোষ্ঠীৰ লোকসকলে পূৰ্বৰ আহোম ৰাজত্বৰ বাসিন্দাসকলৰ সৈতে থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ স্মৃতিচিহ্নসমূহ সংৰক্ষণ কৰি ৰাখিছে। আহোম সৈন্যই তেওঁলোকক দিয়া হেংদান, যাঠি, সৰু আকৃতিৰ হিলৈ আদি বহু সামগ্ৰী ৱাংচু জনগোষ্ঠীৰ পৰিয়ালে আজিও সযতনে ৰাখিছে। তেওঁলোকে বছৰটোৰ বিভিন্ন সময়ত ৰাজহুৱা ভাৱে পালন কৰা উৎসৱ আদিত আহোম যুগৰ চিহ্নসমূহ প্ৰদৰ্শন কৰি গৌৰৱ কৰে।
আনহাতে কাণুবাৰীত লাহদৈগড়টোৰ কাষত থকা ডালিমীৰ মৈদামটো অৰুণাচল চৰকাৰে বিশেষভাৱে সংৰক্ষণ কৰি থৈছে। মৈদামটোৰ কেউফালে পকীবেৰ নিৰ্মাণ কৰি ইয়াক নেফে ৱাংচা স্মৃতিবন হিচাপে নামাকৰণ কৰি ইয়াত ডালিমীৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিছে। বৰ্তমান অসমৰ চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সীমাত অৱস্থিত ডালিমীৰ মৈদামটোৱে বৰ অসমৰ চৰাইদেউ গৌৰৱময় ইতিহাসৰ স্মৃতি বহন কৰি থকাৰ লগতে দুইখন ৰাজ্যৰ বৰ্তমান প্ৰজন্মই পূৰ্বপুৰুষৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ অনুপ্ৰেৰণা দি আছে।
খবৰ যুগুতালে চৰাইদেউৰ পৰা  অভিজিৎ ভূূূূঞাই..

Leave A Reply

Your email address will not be published.