গছ থাকিলে মানুহ থাকিব৷পৃথিৱীত দিনক দিনে বাঢ়ি অহা বায়ু প্ৰদূষণ ৰোধৰ বাবে গছ পুলি ৰোপন কৰাই একমাত্ৰ উপায়৷কিন্তু বহু সময়ত দেখা যায় যে বহু অনুষ্ঠান আৰু ব্যক্তিয়ে গছ পুলি ৰোপন কৰে যদিও পৰৱৰ্তী সময়ত গছ পুলিবোৰৰ প্ৰতি মনকাণ নিদিয়ে আৰু প্ৰতিপালনৰ অভাৱত এই গছ পুলিবোৰ মৰি যায়৷
কিন্তু সেই লোক সকলৰ পৰা কিছু ব্যতিক্ৰমী সমাজৰ বহু ইতিবাচক কাম কৰি যোৱা প্ৰীতে কাকজান সোণাৰি গাঁৱত ৰোপন কৰিছিল কিছু গছ পুলি৷এই গছ পুলি সমূহ চোৱা চিতাৰ দায়িত্বত আছিল এই গোটৰ সদস্য মৃগাংক কাশ্যপ বৰুৱা৷
মৃগাংকৰ তত্ত্বাৱধানত এই গছ পুলি সমূহ এটা বছৰত লহ পহকৈ বাঢ়ি আহিছে যদিও মাজে সময়ে গৰু-ছাগলিয়ে খায় দুই এটা পুলিৰ কিছু অনিষ্ট কৰে৷সেয়ে গোটৰ সদস্য সকলে শনিবাৰে সেই গছপুলি সমূহ সুৰক্ষাৰ বাবে নতুনকৈ বেৰা দিয়াৰ ব্যৱস্থা কৰে৷বৰ্তমান সময়ত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে প্ৰীত(একাজলি পোহৰ বিচাৰি)য়ে গ্ৰহণ কৰা এই ইতিবাচক কৰ্মক অঞ্চলটোৰ ৰাইজে শলাগ লৈছে৷
খবৰ যুগুতালে লাহিঙৰ গোপাল কৃষ্ণ বাঢ়ৈয়ে ..