মেধাৱী ছাত্ৰীলৈ সহায়ৰ হাত বিশিষ্ট ব্যৱসায়ীৰ

0 315

দৰিদ্ৰতা আৰু অভাৱ অনাতন যে মেধাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হ’ল সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাটৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে৷
৩০ নং গাওঁ পঞ্চায়তৰ অন্তগৰ্ত ৰংদৈ দগাঁৱৰ হলৌচুক গাঁৱৰ নিবাসী ৰামেশ্বৰ নাথ আৰু মিনতী নাথৰ কনিষ্ঠ কন্যা বন্তীশিখা নাথে ঘৰুৱা অভাৱ অনাতনকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯% শতাংশ নম্বৰেৰে ডিষ্টিংশ্যনসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গাওঁখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷
 
 
 
মেধাৱী ছাত্ৰী গৰাকীৰ ফলাফল আৰু তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বিষয়ে শেহতীয়াকৈ অৱগত হয় যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী  গণেশ টাপৰিয়াদেৱ আৰু তেখেতে মেধাৱী ছাত্ৰী গৰাকীৰ ঘৰলৈ গৈ শুক্ৰবাৰে পাঁচ হাজাৰ টকাৰ আৰ্থিক সহায় আগবঢ়াই মানৱতাৰ পৰিচয় দাঙি ধৰে৷উল্লেখ যে ছাত্ৰী গৰাকীক এই সহায় আগবঢ়োৱাৰ উপৰিও পঢ়াৰ বাবদ মাহে দুহেজাৰ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
 
 
এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি দলৰ নিৰেণ দাস, প্ৰদীপ শইকীয়া, আনন্দ ভূঞা, বুবুল শইকীয়াৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য বিজয় দাস আৰু ১নং আৰু ২নং বুথৰ সভাপতি ধ্ৰুৱ শইকীয়া৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে ..

Leave A Reply

Your email address will not be published.