দৈজিং উৎসৱে জিনিলে আন্ত:ৰাষ্ট্ৰীয় বঁটা

0 269

অসম বড়োলেণ্ডত অনুষ্ঠিত হোৱা দৈজিং উৎসৱে জিনিলে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা। চতুৰ্থ দৈজিং উৎসৱে WOW AWARDS ASIA ২০২০ বৰ্ষৰ ৫ টাকৈ সন্মান লাভ কৰিছে।
 
 
 
 
চলিত বর্ষত অনুষ্ঠিত হৈ যোৱা দৈজিং উৎসৱত ১৫ লাখ পৰ্যটক সমাবেশ ঘটিছিল।১২ দিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে এইবাৰ দৈজিং উৎসৱত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদি কৰি বহু সংখ্যক অসম তথা বলিউদৰ জনপ্ৰিয় তাৰকা।
 
 
 
 
অসম পৰ্যটন আৰু বড়োলেণ্ড পৰ্যটন বিভাগে এই উৎসৱৰ মুখ্য পৃষ্ঠপোষক আছিল।অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম তত্বাৱধানত সফলতাৰে এই উৎসৱ অনুষ্ঠিত হৈছিল।
 
 
স্মতব্য যে দৈজিং উৎসৱ হৈছে বাৰ্ষিক নদী উৎসৱ।এই উৎসৱত অসমৰ সমৃদ্ধিশালী সংস্কৃতি বাৰে ৰহনীয় কৃষ্টি সমাবেশ ঘটে । জনগোষ্ঠীৰ খাদ্য প্ৰতিযোগিতাও অনুষ্ঠিত হয়। এই বিশেষ উৎসৱত থলুৱা খেল ধেমালী,গীত মাত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰ্যটন উদ্যোগক প্ৰসাৰ কৰাৰ অৰ্থে এই নদী উৎসৱ আয়োজন কৰা হয়।

Leave A Reply

Your email address will not be published.