মহালয়া আৰু বিশ্বকৰ্মা পূজাই তাৎপৰ্য বহন কৰিলে আজি দিনটোত

0 457

মহালয়াৰে দুৰ্গা পূজা আৰম্ভ হয়।আজি পবিত্ৰ মহালয়া।পৌৰাণিক প্ৰবাদ অনুসৰি দেৱী দুৰ্গা কৈলাস পৰ্বতৰ পৰা আজিৰ দিনটোতে ধৰালৈ আগমন হয়।মহালয়াৰ লগত সংগতি ৰাখি পুৱা ভাগত পূজা অৰ্চনা ৰাজ্যৰ বিভিন্ন ঠাই বিশেষে অনুষ্ঠিত হয়।ইয়াৰ পিছতেই নৱৰাত্ৰী পৰ্ব আৰম্ভ হ’ব।কথিত অনুসৰি মহালয়াৰ পৰা মন্ময় প্ৰতিমাক শেষবাৰলৈ পৰশ দিয়া কাৰ্য আৰম্ভ হয়।
 
 
আনহাতে, আজি উলহ মালহে উদযাপিত হ’ল বিশ্বকৰ্মা পূজা। পূৰ্বৰ দৰে বিশ্বকৰ্মা পূজা ধাম খুমীয়া পৰিবেশ নেদেখিলেও অনুষ্টুপীয়াকৈ উদযাপিত হোৱা পৰিলক্ষিত হয়।মহানগৰীৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰতো দেখা নগ’ল পূজাৰ পূৰ্বৰ পৰিবেশ।

Leave A Reply

Your email address will not be published.