আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ব্ৰীজৰ প্ৰিমিয়াৰ

0 536

আজি আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ব্ৰীজৰ প্ৰিমিয়াৰ। ছান ফ্ৰান্সিছকোৰ অক’লেণ্ড চহৰত স্থানীয় সময় নিশা ৯ বাজি ৫ মিনিটত ১৮ সংখ্যাক অক’লেণ্ড আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ব্ৰীজ প্ৰদৰ্শিত হ’ব।
 
উল্লেখযোগ্য যো এই ব্ৰীজ ছবি খন পৰিচালনা কৰিছে কৃপাল কলিতাই। অসমৰ আৰ্থ সামাজিক জীৱনৰ এক মননশীল বলিষ্ঠ কাহিনীৰে নিৰ্মান কৰা হৈছে। ব্ৰীজ’ৰ প্ৰযোজক হ’ল ৰমা কুমাৰ দাস আৰু সবিতা দেৱী,চিত্ৰগ্ৰহণ কৰিছে ৰমেন ৰাভা, সম্পাদনা কৰিছে কিশোৰ ডেকাই। আনহাতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে শিৱাৰাণী কলিতা,পার্থপ্ৰতিম বৰা,আৰু অনিন্দিতা দাসে।

Leave A Reply

Your email address will not be published.