কেলচিনড পেট্ৰলিয়াম ক’ক যোগান ধৰা বাবে নেলকোৰ সৈতে এন আৰ এলৰ দীৰ্ঘদিনীয়া চুক্তি স্বাক্ষৰ

0 303

উৎপাদিত সামগ্ৰীৰ বজাৰ একীভূত কৰাৰ ক্ষেত্ৰত আৰু এখোপ আগুৱাই এন আৰ এল ৪০,০০০ এম.টি আনুমানিক বাৰ্ষিক বিক্ৰী সাপেক্ষে বিশাল এলুমিনীয়াম কোম্পানী নেলকোৰ সৈতে ৫ বছৰৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰে। যোৱা ২৪ ছেপ্টেম্বৰ তাৰিখে ভুৱনেশ্বৰৰ নেলকো দুয়োটা কোম্পানীৰ মাজত চুক্তিখনৰ বিনিময় লেনকোৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক শ্ৰী শ্ৰীধৰ পাত্ৰ, এন আৰ এলৰ পৰিচালনা উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত সম্পন্ন হয়।এইচুক্তি স্বাক্ষৰ উভয় কোম্পানীৰ বাবে এক অনুকূল অৱস্থা পৰিচায়ক, যিহেতু ইয়াৰ জৰিয়তে এন আৰ এলে এখন সমৰ্পিত বজাৰ লাভ কৰে আৰু নেলকোই কোম্পানীটোৰ বাবে প্ৰয়োজনীয় কেঁচামাল বিষয়টো সুনিশ্চিত কৰে।
এন আৰ এলে তেল শোধন প্ৰক্ৰিয়াত উৎপন্ন হোৱা প্ৰায় ৭৯-৭৫ হাজাৰ মেট্ৰিক টন চি.পি.চি প্ৰত্যেক বছৰেই উৎপাদন কৰে। এইদৰে এন আৰ এলে উৎপাদন কৰা চি. পি.চি হৈছে এন’ড গ্ৰেডৰ মান বিশিষ্ট য’ত চালফাৰৰ পৰিমাণ ৩.০%তকৈও কম।এই চি পি চি এন আৰ এলৰ নুমলীগড় মাৰ্কেটিং টাৰ্মিনেলৰ পৰা নেলকোৰ উৰিষ্যাস্থিত আংগোলৰ স্মেলটাৰ প্লেণ্টলৈ ৰেকেৰে প্ৰেৰণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.