পৰিবৰ্ত্তন। শব্দটোৱে পৰিচয় বহন কৰে। এনে এক পৰিচয়ৰে উজলি উঠিছে এক সামাজিক সংগঠন। যিয়ে সমাজ, প্ৰকৃতিৰ সুৰক্ষাৰ বাবে চলাই আহিছে এক প্ৰচেষ্টা। উল্লেখযোগ্য যে এই সংগঠনটো মহানগৰীৰ বশিষ্ঠ অঞ্চলৰ বৰপথাৰ নামৰ ঠাইত অৱস্থিত। সমাজকৰ্মী, প্ৰকৃতিপ্ৰেমী অলক পাঠকৰ প্ৰচেষ্টাত এনে এটা সংগঠনে প্ৰাণ পাই উঠিছে। আজি পৰিবৰ্তনৰ উদ্যোগত সংস্কৃতিৰ উন্নয়ন সাধন, পৰম্পৰাৰ সমন্বয়ৰ উদ্দেশ্যে sanskritik mandala শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসম তথা উত্তৰপূবৰ ভাৰতৰ লগতে ইউৰোপৰ একাংশ শিল্পীয়ে।অনুষ্ঠানৰ লগত সংগতি ৰাখি সংগীত, ফটোগ্ৰাফী, চিত্ৰাংকন আদিবোৰ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ১৮ ফেবৰুৱাৰীত কলাক্ষেত্ৰ এই অনুষ্ঠানৰে প্ৰদৰ্শনী অনুষ্ঠিত হ’ব বুলি আয়োজকে জানিবলৈ দিছে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা