কেৱল প্ৰশিক্ষণেই নহয়,কৰ্মসংস্থাপনৰো ব্যৱস্থা কৰক-পাটোৱাৰী

0 214

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বান মৰ্মে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম দক্ষতা বিকাশ অভিযানত দক্ষতা বিকাশৰ বাবে বহুখিনি কাৰ্যপন্থা হাতত লৈছে। এই মন্তব্য উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ।আজি অসম দক্ষতা বিকাশ অভিযানৰ ৩৩ খন জিলাত দক্ষতা বিকাশৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ পৰা যাতে নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব পাৰে,সেই সম্পৰ্কে গুৰুত্ব দিবলৈ সকলো প্ৰশিক্ষণ কেন্দ্ৰক নিৰ্দেশ দিয়ে। লগতে শোণিতপুৰ আৰু ডিব্ৰুগড় জিলাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সমল ব্যক্তিৰ লগত মত বিনিময় কৰে।
 
 
আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আয়ুক্ত সচিব কে কে দিবেদীয়ে কয় যে ক’ভিডৰ পৰিস্থিতিয়ে দেশৰ অৰ্থনীতি অৱস্থাক নিম্নগামী কৰি তুলিলে।বহুতে কাম হেৰুৱালে।অসম দক্ষতা বিকাশ অভিযানৰ জৰিয়তে নিবনুৱাক ৬০ হাজাৰক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰি তোলা হৈছে।
 
 
আনহাতে উদ্বোধনী অনুষ্ঠানত উপস্থিত অসম দক্ষতা বিকাশ অভিযান সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে ক’ভিডৰ সময়ত চোৱাত আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ সমূহ বন্ধ হৈ আছিল যদিও আমি বিভিন্ন ধৰণে জনসাধাৰণক সেৱা আগবঢ়াই আহিছিলো। আশা কৰো বিভীষিকাময় পৰিস্থিতিৰ পিছত ভাল সময় আহিব।লগতে তেখেতে অসম দক্ষতা বিকাশ অভিযানে বৰ্তমানলৈকে কৰা কামৰ  খতিয়ান দাঙি ধৰে। আজিৰ অনুষ্ঠানত এছ ই ই ডিৰ পুষ্পাঞ্জলি দাস,দেৱ প্ৰসাদ মিশ্ৰ,জুৰি ঠাকুৰকে আদি কৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.