উত্তৰ পূবত উদ্বোধন হ’ল প্ৰথমখন গৰু চিকিৎসালয়

0 557

উত্তৰ পূৱত উদ্বোধন হ’ল প্ৰথম খন গৰু চিকিৎসালয়।ডিব্ৰুগড়ত কালি গোপাষ্টমী উপলক্ষে এই চিকিৎসালয় খন উদ্বোধন কৰা হয়। শ্ৰী গোপাল গোশালাই ১৭ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে সুৰভী আৰোগ্যশালা নামৰ এই চিকিৎসালয়।
 
 
গোপাষ্টমী উপলক্ষে আমি উত্তৰ পূৱত গৰুৰ বাবে প্ৰথম খন চিকিৎসালয় উদ্বোধন কৰিছো।চিকিৎসালয় খনে ৩০ কিলোমিটাৰ ব্যাসাৰ্ধত সেৱা প্ৰদান কৰিব বুলি শ্ৰী গোপাল গোশালাৰ সভাপতি নিৰ্মল বেদিয়াই জানিব দিয়ে।বৰ্তমান গোশালা খনত ৩৬৮ টা গৰু আছে।

Leave A Reply

Your email address will not be published.