ৰাজ্য চৰকাৰে সঘনে পৰ্যালোচনা কৰি থাকিব বিটিআৰ আইন-শৃংখলাজনিত পৰিস্থিতি:মুখ্যমন্ত্ৰী

0 244

বড়োলেণ্ড স্বায়ত্বশাসিত অঞ্চল বিটিআৰ ৰ ১৬ টা বিভিন্ন বিভিন্ন সংগঠনৰ উমৈহতীয়া মঞ্চ সমন্বয়ৰক্ষী সমিতি সৈতে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেখেতৰ চৰকাৰী আবাসগৃহৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয়।বৈঠকত সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আগন্তক বিটিআৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।এই নিৰ্বাচনত যাতে জনসাধাৰণে নিৰ্ভয়ে ভোটদান কৰিব পাৰে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠন কেইটা প্ৰতিনিধিসকলে মুখ্যমন্ত্ৰী আহ্বান জনায়।
 
 
বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰা আৰু জনসাধাৰণে যাতে মুক্ত মনে ভোটদান কৰিব পাৰে তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব।মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰ নিৰ্বাচন অনুষ্ঠিত কৰা মূল লক্ষ্য হৈছে এই এলেকাত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগত প্ৰতিটো জনগোষ্ঠীৰে আৰ্থ সামাজিক উন্নয়নৰ গতি ত্বৰাম্বিত কৰা। ঐক্যবদ্ধ ভাৱে বিভিন্ন জনগোষ্ঠীৰ সংগঠন সমূহে এখন মঞ্চৰ জৰিয়তে আলোচনালৈ অহা বাবে গণতন্ত্ৰলৈ এক শুভ লক্ষণ।মুখ্যমন্ত্ৰীয়ে কয় যে এই, নিৰ্বাচনৰ সময়ত প্ৰশাসন ৰাইজৰ স্বাৰ্থত তথা নিৰপেক্ষ ভাৱে কৰ্মত বৰ্তি হৈ থাকিব।তেওঁ লগতে কয় যে বিটিআৰৰ নিৰাপত্তা বিষয়টো সঘনে পৰ্যালোচনা কৰি থকা হ’ব ।
মুখ্যমন্ত্ৰীয়ে কয় হে বিটিআৰ চুক্তিৰ জৰিয়তে সমগ্র এলেকাটো উন্নয়ন সাধন কৰিব বিচৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ,সবকা বিশ্বাস নীতিৰে বিটিআৰ এলেকাত বসবাস কৰা সকলো জনগোষ্ঠীৰ সম উন্নয়ন সুনিশ্চিত কৰাৰ বাবে আমি সকলোৱে মিলি প্ৰচেষ্টাৰে কাম কৰিব লাগিব। বিটিআৰ শক্তিশালী হ’লেহে অসম শক্তিশালী হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক লৈ ৰাজ্য চৰকাৰে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব।বিভিন্ন সংগঠনে একেলগে অহাটো এক শুভবার্তা।এই বৰ্তাই আমাৰ মাজত থকা ঐক্যৰ ভেটি অধিক মজবুত কৰিব বুলি কয়।
কালি এই আলোচনাৰ সময়ত সাংসদ তপন গগৈ,অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মণিনুল আৱাল,দুলিয়াজান-নুমলীগড় পাইপলাইন লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামী উপস্থিত থাকে। আনহাতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে বিটিআৰ গোর্খা সমাজ,সদৌ মদাহী কছাৰী ছাত্ৰ সন্থা,সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা,সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন,সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা,সদৌ চাওতাল ছাত্ৰ সন্থা,সদৌ কৰুক ছাত্ৰ সন্থা,সদৌ ৰাভা ছাত্ৰ সন্থা,বিটিআৰ অনুসূচীত জাতিৰ ছাত্ৰ সন্থা,সদৌ বিটিআৰ অনুসূচীত জাতিৰ পৰিষদ,অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ,সদৌ বিটিআৰ নাথ যোগী ছাত্ৰ সন্থা, সদৌ বিটিআৰ সূত্ৰধৰ সন্মিলনী,সদৌ হাজং ছাত্ৰ সন্থা,আৰু সদৌ বৰ্মন মান্দাই ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.