নিবনুৱা সকলৰ মাজত ইনকুবেটৰ বিতৰণ কৰিছে,কিন্তু ক’ত

0 235

কেৱল মন্ত্ৰী, বিধায়ক হ’লেহে যে সমাজৰ উন্নতিৰ কাম কাম কৰিব পাৰে এনে নহয়।এই কথাকে সত্য বুলি প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ মনোজ বৰাই।
 
টিয়ক সমষ্টিৰ নিৱনুৱা সকলক এই গৰাকী যুৱ নেতাগৰাকীয়ে আশাৰ বাট দেখুৱাইছে।নিবনুৱা সকলে যাতে ঘৰতে হাঁহ কুকুৰাৰ পালন কৰি স্বাৱলম্বী হ’ব পৰে ,তাৰ বাবে সৌৰশক্তি চালিত ইনকুবেটৰ বিতৰণ কৰিছে।জানিব পৰা মতে আজি টিয়কৰ চিপাহীখোলা আৰু কলিয়াপানী দুয়োটা ব্লকৰ অন্তৰ্গত প্ৰায় ৩৯ জন নিবনুৱা যুৱক যুৱতীৰ মাজত  ইনকুবেটৰ বিতৰণ কৰিছে।
 
উল্লেখযোগ্য যে উত্তৰ পূৱ গৱেষণা নবীকৰণৰ উদ্যোগত এই ইনকুবেটৰ বিতৰণ কাৰ্য্যসূচী পোন প্ৰথমবাৰৰ বাবে টিয়কত শুভাৰম্ভ হৈছে। NERERL ৰ অধ্যক্ষ প্ৰকাশ সিঙৰ সহযোগত এই ইনকুবেটৰ আজি বিতৰণ কৰা অনুষ্ঠানত বিজেপি চিপাহীখোলা মণ্ডলৰ আৰু কলিয়াপানী ব্লক মণ্ডলৰ সভাপতি ক্ৰমে ৰাতুল বৰঠাকুৰ আৰু দীপক শইকীয়াৰ লগতে বহু সংখ্যক বি জে পি কৰ্মী আৰু সমষ্টিটোৰ ৰাইজ উপস্থিত থাকে। মনোজ বৰাৰ একক প্ৰচেষ্টাৰে NERERL পোন প্ৰথমবাৰৰ বাবে টিয়কত কাৰ্যকৰী কৰোৱাৰ বাবে উদ্যোগ লোৱাত ৰাইজে শলাগ লৈছে।
 

Leave A Reply

Your email address will not be published.