আঘোণ মাহ মানেই অসমীয়া জনজীৱনত এক গুৰুত্বপূৰ্ণ মাহ আৰু আঘোণ অবিহনে অসমত চহা জীৱনৰ কথা কল্পনা কৰিব নোৱাৰি । কিয়নো আঘোণ মাহতে বাৰিষা কালত প্ৰখৰ ৰদত কপালৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ধান কটা বা চপোৱা হয়। দাবণীৰে পথাৰ ভৰি পৰে আৰু এক কথাত পথাৰত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় । ইফালে ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতি পথাৰ সমূহ বিগত দিন কেইটাত ধান কটা , কটা ধান কান্ধত ভাৰ বান্ধি ঘৰলৈ নিয়া ,আদি দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে । এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উদীয়মান কৃষক আৰু দেউচতালৰ নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপী , ৰাণীৰ পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে ইতিমধ্যে বেছিভাগ কৃষকৰ ধান কটা শেষ হৈছে । এতিয়া মাথোঁ কটা ধান ঘৰলৈ নিয়া আৰু ঘৰত মৰণা মৰা পৰ্ব চলি আছে । ৰাণীৰ বন বিভাগ আৰু ৰাইজৰ যৌথ প্ৰচেষ্টাৰত হাতীৰ উপদ্ৰপৰ পৰা ধানখিনি ৰক্ষা কৰিব পৰাৰ পাছত কৃষক ৰাইজে শান্তিৰে বছৰটোৰ বাবে লখিমীক ভঁৰালত ৰাখিবলৈ সাজু হৈছে। আনকি কিছু সংখ্যক কৃষকে মৰণা মৰা পৰ্ব শেষ হোৱাৰ পাছত নতুন ধানৰ চাউলৰে পৰম্পৰাগত ভাৱে ‘ন-খোৱা’ৰ বাবে সাজু হৈছে ।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক