অহা ১৪ ডিচেম্বৰৰ পৰা যাত্ৰীবাহী মানস ৰাইনো চলাচল হ’ব

0 234

অহা ১৪ ডিচেম্বৰৰ পৰা মানস ৰাইনো যাত্ৰীবাহী ৰেলখন চলাচল কৰিব। ০৫৮০১ নম্বৰৰ মানস ৰাইনো যাত্রীবাহী ৰেলখন পূৰ্বৰ নিৰ্ধাৰিত সময় পূৱ ৪.৪৫ বজাত নিউ বঙাইগাঁও জংচনৰ পৰা যাত্ৰা আৰম্ভ কৰি ৯.১৬ বজাত গুৱাহাটী ষ্টেচনত প্ৰৱেশ কৰিব।
একেদৰে ০৫৮০২ নম্বৰ গুৱাহাটী-নিউ বঙাইগাঁও অভিমুখী মানস ৰাইনো সন্ধিয়া ৫.৩০ বজাত পল্টন বজাৰ ষ্টেচনৰ পৰা যাত্ৰা কৰিব।তদুপৰি আলিপুৰদুৱাৰ-লামডিং অভিমুখী ইণ্টৰচিটি এক্সপ্ৰেছ বিশেষ যাত্রীবাহী ৰেলখনো অহা ২৫ ডিচেম্বৰৰ পৰা প্ৰতিদিনেই নিয়মিত আৰু পূৰ্বৰ সময়তে চলাচল কৰিব বুলিও নিৰ্দেশনাতে সদৰী কৰা হৈছে।ইয়াৰ বাবে সকলো যাৱতীয় প্ৰক্ৰিয়া উত্তৰ-পূব সীমান্ত ৰেলৱে গ্ৰহণ কৰা বুলি চাংসাৰি ষ্টেচনৰ অধীক্ষক ভূমিধৰ দাসে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে নামনি অসমৰ লোক সকলৰ যাতায়তৰ অন্যতম চালিকা শক্তি মানস ৰাইনো,বহাগী যাত্রীবাহী,ইণ্টাৰচিটি এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ থকাৰ ফলত যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে।

Leave A Reply

Your email address will not be published.