১৩ ডিচেম্বৰত কিতাপ পঢ়াৰ আন্দোলনৰ শুভাৰম্ভ

0 282

গ্ৰন্থ অধ্যয়নৰ বৌদ্ধিক যাত্ৰাক নতুন চিন্তাৰে উন্মেষ ঘটোৱাৰ প্ৰয়াসেৰে অসমত আনুষ্ঠানিকভাৱে দ্বিতীয় বাৰৰ বাবে কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা ১৩ ডিচেম্বৰত অসমত দ্বিতীয় বাৰৰ বাবে আনুষ্ঠানিকভাৱে কিতাপ পঢ়াৰ আন্দোলনৰ শুভাৰম্ভ হ’ব। গুৱাহাটীস্থিত ৰবীন্দ্ৰ ভৱনৰ বকুল তলত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগত বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী,ড০ বাৰীন্দ্ৰ শৰ্মাকে ধৰি কেবাজনো বিশিষ্ট লোকে একেলগে কিতাপ পঢ়াৰ এক বৌদ্ধিক যাত্ৰাৰ অংশীদাৰ হোৱাৰ লগতে অন্যতম ধাৰা গঢ়ি তুলিব।
উল্লেখ্য যে সভ্যতাৰ উত্তৰণত গ্ৰন্থৰ ভূমিকা আটাইতকৈ বেছি। যান্ত্ৰিক যুগত নৱ প্ৰজন্ম ম’বাইলত বেছি সক্ৰিয় হোৱাৰ বাবেই গ্ৰন্থ অধ্যয়নৰ প্ৰতি নৱপ্ৰজন্মৰ মাজত অনিহা নাহিবলৈকে এইদৰে শিক্ষাবিদ গৰাকীৰ উদ্যোগত অসমত গঢ়ি তোলা হৈছে গ্ৰন্থ অধ্যয়ন। আচলতে কিতাপ পঢ়াৰ প্রতি নতুন প্রজন্মৰ ধাউতি বঢ়াবলৈকে শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ চৌধুৰীৰ উদ্যোগত ইতিমধ্যে আৰম্ভ হোৱা বৌদ্ধিক আন্দোলনে সমাজৰ সৰ্বস্তৰৰ লোকৰ সমৰ্থন লাভ কৰিছে। ১৩ ডিচেম্বৰৰ পুৱা ৯ বজাত ৰবীন্দ্ৰ ভৱনৰ বকুল তলত শুভাৰম্ভ হ’বলগীয়া ‘কিতাপ পঢ়াৰ আন্দোলনত অংশগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা সমাজৰ সকলো স্তৰৰ লোককে আহ্বায়ক জিতুমণি বৰা, গোপাল জালান আৰু ব্ৰজেন্দ্ৰ নাথ ডেকাই অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.