ডিচেম্বৰৰ ভিতৰতে শুভাৰম্ভ হ’ব বটদ্ৰৱা প্ৰকল্পৰ কাম – পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ আৰ্হিত নিৰ্মান হ’ব বটদ্ৰৱাৰ ঐতিহ্য ক্ষেত্র

0 226

সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজাই পৰাই তোলা অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মভূমি তথা আদি লীলা ভূমি শ্ৰীশ্ৰী বটদ্রৱা থান সমগ্ৰ অসম, ভাৰত ভূমি তথা বিশ্বৰ সনাতনী সাংস্কৃতিক পৰম্পৰাত বিশ্বাসী প্ৰতিগৰাকী ধৰ্মপ্ৰাণ মানুহৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ সেৱাৰস্থলী। বটদ্ৰৱা থানখনৰ চৈধ্য প্ৰসংগ , গীত মাতৰ লগতে ঈশ্বৰ উপাসনাৰ শৃঙ্খলাবদ্ধ পৰিৱেশন শৈলীকে আদি কৰি গুৰুজনাই এই পবিত্ৰ ভূমি ভাগত এৰি থৈ যোৱা ঐতিহাসিক স্মৃতি চিহ্ন বিশেষকৈ কীৰ্তনঘৰ, পদশিলা, পাটশিলা,দৌলমন্দিৰ, আকাশী গঙ্গা, শিলিখা বৃক্ষ, চাৰিহাটী আৰু সতীৰাধিকা স্মৃতিক্ষেত্ৰ- শান্তিজান দৰ্শন কৰিবলৈ বিভিন্ন প্ৰান্তৰৰ পৰা দৈনিক হাজাৰৰো অধিক ভক্ত,দৰ্শনাৰ্থীৰ সমাগম ঘটে।
অসমীয়া জাতিৰ মণিকূট স্বৰূপ এই পবিত্ৰ ভূমি- বটদ্রৱা থানৰ সামগ্ৰিক উন্নয়ন আৰু যাতায়ত ব্যৱস্থাৰ লগতে জগত গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানক পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ আৰ্হিত বিশেষ ধৰ্মীয় ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত সত্ৰৰ ভূমি বেদখল মুক্ত হৈছিল। সেই ভূমিত ১৫৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব লগা বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভনি অনুষ্ঠান চলিত ডিচেম্বৰ মাহৰ ভিতৰতে অনুষ্ঠিত হ’ব । আজি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই উক্ত স্থান পৰিদৰ্শন কৰি প্ৰস্তুতিৰ সকলো দিশ পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.