দক্ষিণ কামৰূপ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাস্থিত দক্ষিন কামৰূপ মহাবিদ্যালয়ে স্থানীয় গ্ৰাম্যাঞ্চলবাসীৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বৃহত্তৰ অঞ্চলটোৰ পাচখন গাওঁ নহিৰা, দখলা, সোনতলা, পাৰাকুছি আৰু মনপুৰ গাঁৱৰ প্ৰতিপালনৰ দায়িত্ব গ্ৰহণ কৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে।কেন্দ্ৰীয় চৰকাৰৰ উন্নত ভাৰত অভিযান গোটৰ জৰিয়তে আৰু স্বেচ্ছাসেৱী সংগঠন “পোহৰ ফাউণ্ডেচন” মিৰ্জাৰ সহযোগত গাৱলৈ গৈ আয়োজন কৰিছে এই গাঁওসভা। মহাবিদ্যালয়খনে এই কাৰ্যসূচীৰ অধীনত নহিৰাত ২১ ফেব্ৰুৱাৰীত আয়োজন কৰা প্ৰথমখন সভাত ৰাইজৰ অভাব অভিযোগ, শিক্ষা, স্বাস্থ্য, যাতায়ত, কৃষি, পশুপালন, হস্তশিল্প , তাতশিল্প আদি বিষয়ে ৰাইজৰ পৰা বুজ লয়। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভ বা বঞ্চিত হোৱা আদি বিভিন্ন বিষয়কলৈ মতবিনিময় কৰে। গাওঁখনৰ সাধাৰণ ৰাইজৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক উত্তোৰণৰ লগতে গাঁওবাসীৰ মাজত বিভিন্ন বিষয়ে সচেতনতা বৃদ্ধিৰ বাবে আলোচনা কৰা হয়। গ্ৰাম্যাঞ্চলবাসীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে সমস্যা সমাধানৰ বাবে উন্নত ভাৰত অভিযানৰ জৰিয়তে পদক্ষেপ গ্ৰহণৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ বাবে সকলো ক্ষেত্ৰতে মহাবিদ্যালয় কতৃপক্ষ আৰু “পোহৰ ফাউণ্ডেচন” সহায় সহযোগিতা কৰিব ৰাইজক জানিবলৈ দিয়ে। এনেধৰণৰ সভা গাঁও পাচ খনৰ বিভিন্ন স্থানত আয়োজন হৈয়ে থাকিব বুলি উল্লেখ কৰে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ উন্নত ভাৰত অভিযান গোটৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ গাৰ্গী চক্ৰৱৰ্তী, সহ সমন্বয়ক প্ৰবক্তা মানবেন্দ্ৰ কলিতা, “পোহৰ ফাউণ্ডেচন”ৰ সভাপতি অমল দলৈ, সম্পাদক শৈলেন্দ্ৰ দাস, গণিত বিভাগৰ প্ৰবক্তা প্ৰশান্ত কলিতাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক গাওঁবাসীয়ে অংশগ্ৰহণৰ কৰে। দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু পোহৰ ফাউণ্ডেচন গ্ৰাম্যাঞ্চলবাসীৰ বাবে গ্ৰহণ কৰে এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ