Video Player
কালি যোৰহাটত মিত্ৰ দলৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।পুৱা দহ বজাত স্থানীয় কৈলাণী খেল পথাৰত অৱতৰণ কৰে বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি গৰাকী। কল্যাণীত অনুষ্ঠিত হোৱা বিশাল জনসমাগমত অংশগ্ৰহণ কৰি সভাপতি গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই। ইয়াৰ পুৰ্বে তেওঁ এখন প্ৰেচ মেলৰ আয়োজন কৰি তাতে বিজেপিৰ ইস্তাহাৰখন মুকলি কৰে। সংবাদ মেলখনত সম্বোধন কৰি বিজেপিয়ে আগন্তুক দিনত দুইলাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়া হব।ইয়াৰে একলাখ চৰকাৰী চাকৰি আৰু একলাখ বেচৰকাৰী খণ্ডত চৰকাৰে দিয়াবলৈ বাধ্য কৰাব।কা আইনে অসমলৈ এটাও বিদেশী নানে বুলি মন্তব্য কৰি দাসে কয় যে কা সন্দৰ্ভত মানুহক ভুৱা কথাৰে বিপথে পৰিচালিত কৰিব বিচৰা যে হৈছিল সেই কথা ৰাইজে এতিয়া বুজি পাইছে।
00:00
00:00