অসমীয়াৰ বাপতি সাহোন তিনিওটি বিহু দৈ ৰ অবিহনে উদযাপন কৰিব নোৱাৰি।বিহুৰ দিনা পুৱাই প্ৰতিটো পৰিয়ালেই দৈৰে জলপান গ্ৰহণ কৰে।সেয়ে ৰাজ্যৰ প্ৰতিজন দুগ্ধ ব্যৱসায়ী বৰ্তমান অধিক ব্যস্ত।যিহেতু টীয়ক ঠাই খনৰ নামৰ অৰ্থ টাই ভাষা অনুসৰি গাখীৰৰ উভৈনদী অঞ্চল, সেয়ে উজনি অসমত টীয়কৰ দৈৰ গুৰুত্বই সুকীয়া।প্ৰতিটো উৎসৱ পাৰ্বনত ৰাইজে টীয়কৰ এঠা দৈৰ সোৱাদ ল’বলৈ আগ্ৰহ কৰে। আজি উৰুকাৰ দিনা এই দৃশ্য টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্টৰ,২০০৩ চনতে অতি ক্ষুদ্ৰভাৱে টীয়কৰ ঐতিহাসিক নেপালী সত্ৰৰ উদীয়মান যুৱক দূৰ্লভ গোস্বামীয়ে নিজ গৃহতে অশেষ কষ্টেৰে আৰম্ভ কৰিছিল এই ব্যৱসায়।পৰৰ্ৱতী সময়ত সুদীৰ্ঘ ১৭টা বছৰ গৰকি আজি বিহু বুলি দৈনন্দিনকৈ অতিৰিক্ত প্ৰায় পাঁচ হাজাৰ দৈ গাখীৰৰ টেকেলি উজনিৰ প্ৰায়বোৰ জিলালৈ প্ৰেৰণৰ দিহা কৰাৰ সমান্তৰালকৈ ক্ৰীম,ঘিউ, পনীৰ,পেৰাকে ধৰি কেইবাবিধো দুগ্ধজাত সামগ্ৰীও যোগানৰ ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে এই ব্যৱসায়ৰ লগত ৫০০ৰো অধিক পৰিয়াল জড়িত হৈ স্বাৱলম্বিতাৰ পথ সুগম কৰিছে।ইপিনে স্থানীয় মৃৎ শিল্পৰ লগত জড়িত শতাধিক পৰিয়ালে গোস্বামী মিল্ক প্ৰডাক্টত টেকেলি যোগান ধৰি আৰ্থিক উপাৰ্জনৰ পথ সুগম কৰিছে।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika