কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনত পৰিচালিত হৈ অহা ভাৰতৰ শিক্ষানুষ্ঠান সমূহৰ শৃংখলাবদ্ধ যুৱ সংগঠন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ “এন চি চি”ক অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত বিশেষ স্বীকৃতি দিছে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ.জি. চি)। এতিয়াৰে পৰা দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত এন.চি.চি বিষয়টো এক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ`ব। ইতিমধ্যে যোৱা ১৫ এপ্ৰিলতে ইউ.জি.চিৰ ফালৰ পৰা দেশৰ সকলো ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সকলক পত্ৰ প্ৰেৰণ কৰি এন.চি.চি বিষয়টোক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। আনহাতে এই সন্দৰ্ভত এন চি চি ৰ শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ. ডি.জি) মেজৰ জেনেৰেল অনন্ত ভূঞাই জানিবলৈ দিয়া মতে ইউ জি চি ৰ এই নিৰ্দেশনাই এন.চি.চিৰ কেডেট বা শিক্ষাৰ্থী সকলক বাৰুকৈয়ে উপকৃত কৰিব। তেনেদৰে শিক্ষানুষ্ঠানৰ যিসকল ছাত্ৰ – ছাত্ৰীয়ে এন চি চি ক এটা বিষয় হিচাপে লৈ অধ্যয়ন কৰিব বিচাৰে আৰু ইতিপূৰ্বে তেওঁলোকৰ যিসকল এন চি চি ত বিভিন্ন প্ৰশিক্ষণ শিবিৰৰ লগতে বি আৰু চি প্ৰমাণ পত্ৰৰ উত্তীৰ্ণ হৈছে তেওঁলোক বিশেষভাবে উপকৃত হব । আনহাতে পাঠ্যক্ৰমত “General Electrive Credit Course” (GECC) হিচাপে অন্তৰ্ভুক্ত হ`বলগীয়া এন চি চি বিষয়টো নতুন শিক্ষা নীতি – 2020 (NEP)ৰ সৈতে সমন্বয় ঘটোৱা হৈছে। অসমত এই পৰ্যন্ত বিভিন্ন নিৰ্বাচিত মহাবিদ্যালয়ত এন চি চি বাহিনী থাকিলেও বিশ্ববিদ্যালয় পৰ্যায়ত বাহিনীটোৰ শাখা নাই।কিন্তু ইউ জি চি ৰ নিৰ্দেশনাৰ পাছত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ`লে বিশ্ববিদ্যালয় সমূহতো এন চি চিৰ স্থল , নৌ আৰু বায়ু এই তিনিওটা শাখা খোলাৰ পথ প্ৰশস্ত হ`ব । তেতিয়া আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলে এন চি চি ত ভৰ্ত্তি হোৱাৰ লগতে একে সময়তে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত উচ্চ শিক্ষা বা চাকৰি লাভৰ পথ সুগম হ`ব । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ২০২০ বর্ষত স্বাধীনতা দিৱসত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে আবৃত ৰাজ্য সমূহৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ – ছাত্ৰী সকলক বাহিনীটোত কেডেট হিচাপে ভৰ্ত্তি কৰাবলৈ যি আহ্বান জনাইছিল , সেই আহ্বান অনুসৰি এ ডি জি , মেজৰ জেনেৰেল অনন্ত ভূঞাই উত্তৰ পূৱৰ সীমান্তবৰ্তী ৰাজ্য কেইখনত কেডেট ভৰ্ত্তি অভিযানত নিজকে জড়িত কৰি ৰাখিছে । ইতিমধ্যে নিৰ্ধাৰিত লক্ষ্য অনুসৰি ইয়াৰ প্ৰথম পৰ্যায়ৰ কেডেট ভৰ্ত্তি অভিযান শেষ হৈছে বুলি জানিব পৰা গৈছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram