কামৰূপ মহানগৰ জিলাৰ ক’ভিড সম্পর্কীয় শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত পৃথকে পৃথকে দুখনকৈ সভা অনুষ্ঠিত হয়। মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, গুৱাহাটী পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকা এক সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু ইয়াৰ ফলপ্ৰসূতা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। জিলাখনত দিনক দিনে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোত মন্তব্য কৰি উপায়ুক্ত বিশ্বজিৎ পেগুৱে সভাত কয় যে একাংশ ব্যক্তিয়ে ক’ভিডৰ নিয়মাৱলী কঠোৰভৱে মানি নচলাৰ বাবেই জিলাখনত শেহতীয়াকৈ ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে। উপায়ুক্তগৰাকীয়ে জনসাধাৰণক এইক্ষেত্ৰত অধিক সতৰ্ক হৈ থাকি নিকটৱৰ্তী ‘ক’ভিড কাউঞ্চেলিং চেণ্টাৰ’লৈ গৈ ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে মাজে-সময়ে ক’ভিড পৰীক্ষা কৰোৱালে শৰীৰত ভাইৰাছৰ উপস্থিতি আগতীয়াকৈ ধৰা পৰে আৰু তেনে ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে সোনকালে আৰোগ্য লাভ কৰিব পাৰি। আন আন ৰোগত আক্ৰান্ত হৈ থকা লোকসকল ক’ভিডত আক্ৰান্ত হৈ পলমকৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে ক’ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে বুলি তেওঁ লগতে মন্তব্য কৰে। প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা ৮নং ৱাৰ্ড, ১৬ নং ৱাৰ্ড আৰু ২৮ নং ৱাৰ্ডৰ বাসিন্দাসকলে কন্টেইনমেন্ট জ’নৰ নিয়মাৱলী মানি চলিছে নে নাই তাৰ ওপৰত তীক্ষ্ণদৃষ্টি ৰাখিবলৈ আৰু লগতে সেই অঞ্চলত প্ৰৱেশ আৰু ন প্ৰস্থানৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা ভংগকাৰীৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈও উপাযুক্তগৰাকীয়ে সভাত আৰক্ষী প্ৰশাসনৰ প্ৰতি আহ্বান জনায়৷ আনহাতে, অতিৰিক্ত ন উপায়ুক্ত চিন্ময় নাথৰ সভাপতিত্বত ক’ভিড টেষ্টিং চেন্টাৰৰ বিষয়ববীয়াসকলৰ লগত অনুষ্ঠিত হয় আন এক সভা। অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা আৰু বিপুল দাস, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গণেশ শইকীয়াকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়-ববীয়া উপস্থিত থকা এই সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ক’ভিড টেষ্টিং চেন্টাৰৰ টেকনিচিয়ানকে ধৰি আন আন স্বাস্থ্যকৰ্মীসকলক নিজ নিজ কেন্দ্ৰত ক’ভিড পৰীক্ষা কৰাৰ উপৰি সংশ্লিষ্ট এলেকাৰ ভিতৰত গৈ ক’ভিড পৰীক্ষা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা ৱাৰ্ড সমূহৰ শেহতীয়া স্থিতি জানিবলৈ ৱাৰ্ড সমূহৰ বাসিন্দা সকলৰ ক’ভিড পৰীক্ষা কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে। উল্লেখযোগ্য যে সম্প্ৰতি জিলাখনত ৬৩ টা ক’ভিড কাউঞ্চেলিং চেণ্টাৰ সক্ৰিয় হৈ আছে আৰু পূৱা ৯ বজাৰ পৰা জনসাধাৰণে এই চেণ্টাৰ সমূহত ক’ভিড পৰীক্ষা কৰিব পাৰে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক