কামৰূপ মহানগৰ জিলাৰ ক’ভিড সম্পর্কীয় শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত পৃথকে পৃথকে দুখনকৈ সভা অনুষ্ঠিত হয়। মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, গুৱাহাটী পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকা এক সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু ইয়াৰ ফলপ্ৰসূতা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। জিলাখনত দিনক দিনে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোত মন্তব্য কৰি উপায়ুক্ত বিশ্বজিৎ পেগুৱে সভাত কয় যে একাংশ ব্যক্তিয়ে ক’ভিডৰ নিয়মাৱলী কঠোৰভৱে মানি নচলাৰ বাবেই জিলাখনত শেহতীয়াকৈ ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে। উপায়ুক্তগৰাকীয়ে জনসাধাৰণক এইক্ষেত্ৰত অধিক সতৰ্ক হৈ থাকি নিকটৱৰ্তী ‘ক’ভিড কাউঞ্চেলিং চেণ্টাৰ’লৈ গৈ ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে মাজে-সময়ে ক’ভিড পৰীক্ষা কৰোৱালে শৰীৰত ভাইৰাছৰ উপস্থিতি আগতীয়াকৈ ধৰা পৰে আৰু তেনে ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে সোনকালে আৰোগ্য লাভ কৰিব পাৰি। আন আন ৰোগত আক্ৰান্ত হৈ থকা লোকসকল ক’ভিডত আক্ৰান্ত হৈ পলমকৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে ক’ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে বুলি তেওঁ লগতে মন্তব্য কৰে। প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা ৮নং ৱাৰ্ড, ১৬ নং ৱাৰ্ড আৰু ২৮ নং ৱাৰ্ডৰ বাসিন্দাসকলে কন্টেইনমেন্ট জ’নৰ নিয়মাৱলী মানি চলিছে নে নাই তাৰ ওপৰত তীক্ষ্ণদৃষ্টি ৰাখিবলৈ আৰু লগতে সেই অঞ্চলত প্ৰৱেশ আৰু ন প্ৰস্থানৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা ভংগকাৰীৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈও উপাযুক্তগৰাকীয়ে সভাত আৰক্ষী প্ৰশাসনৰ প্ৰতি আহ্বান জনায়৷ আনহাতে, অতিৰিক্ত ন উপায়ুক্ত চিন্ময় নাথৰ সভাপতিত্বত ক’ভিড টেষ্টিং চেন্টাৰৰ বিষয়ববীয়াসকলৰ লগত অনুষ্ঠিত হয় আন এক সভা। অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা আৰু বিপুল দাস, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গণেশ শইকীয়াকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়-ববীয়া উপস্থিত থকা এই সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ক’ভিড টেষ্টিং চেন্টাৰৰ টেকনিচিয়ানকে ধৰি আন আন স্বাস্থ্যকৰ্মীসকলক নিজ নিজ কেন্দ্ৰত ক’ভিড পৰীক্ষা কৰাৰ উপৰি সংশ্লিষ্ট এলেকাৰ ভিতৰত গৈ ক’ভিড পৰীক্ষা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা ৱাৰ্ড সমূহৰ শেহতীয়া স্থিতি জানিবলৈ ৱাৰ্ড সমূহৰ বাসিন্দা সকলৰ ক’ভিড পৰীক্ষা কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে। উল্লেখযোগ্য যে সম্প্ৰতি জিলাখনত ৬৩ টা ক’ভিড কাউঞ্চেলিং চেণ্টাৰ সক্ৰিয় হৈ আছে আৰু পূৱা ৯ বজাৰ পৰা জনসাধাৰণে এই চেণ্টাৰ সমূহত ক’ভিড পৰীক্ষা কৰিব পাৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram