ক`ভিড মহামাৰীৰ সমান্তৰালভাৱে চৰ্চিত হৈছে ক’ভিডৰ বিভিন্ন দৰৱৰ বিষয়ে। কাৰণ ক’ভিড মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ঔষধৰ বহু ভূমিকা আছে। এই ক্ষেত্ৰত 2- DG নামৰ দৰৱবিধ প্ৰস্তুত কৰাৰ আঁৰত আছে এগৰাকী অসম সন্তান। কৰিমগঞ্জৰ জুবিলী পুৰকায়স্থ নামৰ যুৱতী গৰাকীয়ে DRDO (Defence Research And Development Organisation)ৰ অধীনত INMAS (Institute Of Nuclear Medicine And Allied Sciences)ৰ এটি দলৰ লগত মিলিত হৈ ঔষধ প্ৰস্তুত কৰিছে। ৪৪ নং মহিষাসন প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি পাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈছিল। তাৰ পাছত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি জুবিলী পুৰকায়স্থ ভৰ্তি হৈছিল যোৰহাটস্থিত Regional Research Laboratory(RRL)ত আৰু তাতেই ডিগ্ৰী সমাপ্ত কৰি DRDOৰ Defence Research Laboratoryত এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে জুবিলী মাকৰ লগত দিল্লীত থাকে।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন