অসমৰ প্ৰথমখন ব্যক্তিগত বিশ্ববিদ্যালয় অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগআৰু ধেমাজিৰ কিৰণ একাডেমীৰ উদ্যোগত এখন অনলাইন কেৰিয়াৰ কৰ্মশালা ৩১ মে`ত অনুষ্ঠিত হয় । সন্ধিয়া ৭ বজাৰ পৰা ৯বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক ড° বুলজিৎ বুঢ়াগোহাঁই । উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান আৰু কলা শাখা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকা কৰ্মশালাখন আঁত ধৰে কিৰণ একাডেমীৰ শৈক্ষিক সঞ্চালক আশীষ পালে । কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান আৰু কলা শাখাত শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ বিশদ বাখ্যা আগবঢ়ায় । কৰ্মশালাখনত ‘অসম ডনব’স্ক’ বিশ্ববিদ্যালয়’ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক কমলদীপ কলিতাই ছাত্র-ছাত্রীসকলক বিশ্ববিদ্যালয়খনৰ বিভিন্ন পাঠ্যক্রমৰ বিষয়ে অৱগত কৰে। ড° বুঢ়াগোহাঁয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি