সদ্যসমাপ্ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা শিৱ থাপাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক

0 201

সদ্যসমাপ্ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা বক্সাৰ শিৱ থাপাই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ জনতা ভৱনস্থিত কাৰ্যালয়ত সাক্ষাৎ কৰে।সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে বক্সাৰ গৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ উপৰি ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি ৩ লাখ টকাৰ আৰ্থিক অনুদানৰ এখন চেক আনুষ্ঠানিক ভাৱে বক্সাৰ গৰাকীক অৰ্পণ কৰে।মুখ্যমন্ত্ৰীয়ে বক্সাৰ গৰাকীয়ে ভৱিষ্যতেও এনেধৰণৰ সফলতাৰে অসম তথা ভাৰতবৰ্ষৰক গৌৰৱাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভৱিষ্যতেও তেখেতলৈ যথোচিত সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি কয়।
আজিৰ সাক্ষাৎকাৰত ক্ৰীড়া মন্ত্ৰী বিমল বৰা,বিধায়ক ক্ৰমে মৃণাল শইকীয়া, মানৱ ডেকা,ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব মলয় বৰা,ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সঞ্চালক পৱিত্ৰ খাউণ্ড,বক্সিং ফেডাৰেচন অব ইণ্ডিয়াৰ উপাধ্যক্ষ শান্তনু কলিতা,বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.