পৰ্যটন ক্ষেত্ৰখনৰ বাবে সুখবৰ।অসমত নকৈ সংযোজিত হ’ল ২ খন ৰাষ্ট্ৰীয় উদ্যান।আজি পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এখন সংবাদ মেল অনুষ্ঠিত কৰে।সেই সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় যে ৰাইমনা আৰু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰা হৈছে।উল্লেখযোগ্য যে এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আছে কোকৰাঝাৰ জিলাত । ৰাইমনাত ১৫০ বিধ বিভিন্ন প্ৰজাতিৰ পখিলা,১৭০ বিধ পক্ষী,৩৮০ বিধ উদ্ভিদ পোৱা যায়।আনহাতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। এই দুয়োখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱাৰ পিছত অসমত ৰাষ্ট্ৰীয় উদ্যান ৭ খনলৈ বৃদ্ধি পালে।আজি সংবাদমেলত বন বিভাগৰ বহুকেইজন বিষয়া, কৰ্মচাৰী উপস্থিত থাকে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram