নুমলীগড় ৰিফাইনেৰী লিমিটেড এন আৰ এলৰ কৰ্মচাৰীসকলৰ তৰফৰ পৰা ক’ভিড মহামাৰী দ্বিতীয় ঢৌৰ বিৰুদ্ধে মোকাবিলা কৰাত অসম চৰকাৰক সমৰ্থন কৰি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য নিধিলৈ ৫৭.৩৭ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।এন আৰ এলৰ ডি জি এম মধুচন্দা অধিকাৰীৰ নেতৃত্বত এন আৰ এলৰ কৰ্মচাৰী এক প্ৰতিনিধি মণ্ডলে ১৫ জুনত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰী কাৰ্য্যলয়ত হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই ধনৰাশি চেক অৰ্পণ কৰে।উল্লেখযোগ্য যে ইয়াৰ আগতেও এন আৰ এলে যোৱা ২৭ মে’ত মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ ৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে।কোম্পানীটোৱে মহামাৰী সৈতে মোকাবিলা কৰিবলৈ ২৫ কোটি টকাৰ পুঁজি নিৰ্ধাৰিত কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।এই পদক্ষেপসমূহৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ২০ টা আই চি ইউৰে ১২০ খন বিচনাযুক্ত এখন ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হয়।এই ক’ভিড কেয়াৰ কেন্দ্ৰটো ১৫ জুনত উদ্বোধন কৰা হয়।আনহাতে এন আৰ এলে মাজুলীতো অনুৰূপ সহায় আগবঢ়াইছে আৰু ৰাজ্যৰ কেইবাখনো চৰকাৰী হাস্পতালত প্ৰয়োজনীয় সামগ্ৰী উপলব্ধ কৰাইছে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক