ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো বিগত প্ৰায় দুমাহ ধৰি লকডাউন কেন্দ্ৰীক পৰিস্থিতি চলি আছে। কিন্তু এনে পৰিস্থিতি স্বত্বেও ৰাজ্যৰ আন কেবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাই সচেতন লোকৰ লগতে চৰকাৰকো চিন্তিত কৰি তুলিছে। বিশেষকৈ ক্ষেত্ৰী, সোণাপুৰকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত সংঘটিত কেবাটাও দুৰ্ঘটনাত ভালে কেইজন লোক আঁহত – নিহত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পথ দুৰ্ঘটনা ৰোধ আৰু চালক- পৰিচালককে ধৰি পথ ব্যৱহাৰকাৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে পৰিবহন-যান বাহন খণ্ডৰ লগত জড়িত অংশীদাৰী সকলক সকলৰ উপস্থিতিত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত এখন এখন জৰুৰী সভা অনুষ্ঠিত হব। সমিতিৰ সদস্য- সচিব আৰু কামৰূপৰ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে অহা ২৫ জুনত দিনৰ ১১ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ’বলগীয়া সভাখনত সভাপতিত্ব কৰিব উপায়ুক্ত তথা কমিটিৰ সভাপতি বিশ্বজিৎ পেগুয়ে। সভাত গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ বিভাগ, আঞ্চলিক পৰিবহন প্ৰাধিকৰণ, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন (প্ৰৱৰ্তক) বিষয়া, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দায়িত্ববাহী বিষয়া-প্ৰতিনিধিয়ে আদিয়ে ভাগ লব। সভাত ঘাইকৈ চালক-ৰাইজৰ মাজত সজাগতা সৃষ্টিৰে কিদৰে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিব পাৰি তাৰ বিষয়ে মতামত গ্ৰহণ কৰা হ’ব।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon