আজি আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস।সমগ্র দেশতে এই যোগ দিৱস উদযাপন কৰা হৈছে। যোগে কেৱল শাৰীৰিক উৎকৰ্ষ সাধন নকৰে, ই মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।মহামাৰী সংকট কালতো সমগ্র দেশতে এই দিৱস জনপ্ৰিয় হৈ উঠিছে।যোগ দিৱসৰ এই শুভ ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্ব অধিকাংশ বাবে যোগ দিৱস তেওঁলোকৰ কোনো সাংস্কৃতিক পৰ্ব নহয়।এই বিপদৰ সময়ত মানুহক ইয়াক পাহৰি পেলাব পাৰিলেহেঁতেন, উপেক্ষা কৰিব পাৰিলেহেঁতেন, কিন্তু বিপৰীতে মানুহৰ যোগৰ প্ৰতি আগ্ৰহ বাঢ়িছে।লগতে কয় যে ক’ৰণা অদৃশ্য ভাইৰাছ বিশ্বত দেখা দিছিল,তেতিয়া কোনো দেশেই সামৰ্থ আৰু মানসিকভাৱে ইয়াৰ বাবে প্ৰস্তুত নাছিল।আমি সকলো দেখিছো যে এনেকুৱা কঠিন সময়ত যোগ আত্মবলৰ এক ডাঙৰ মাধ্যম হৈছে। স্বাস্থ্য অটুট থাকিবলৈ ভাৰতীয় য়োৱান সকলে সীমান্তৰ শূন্যতকৈ নিম্ন তাপমাত্ৰা থকা ঠাইত শৰীৰ সুস্থ ৰাখিবলৈ যোগৰ অভ্যাস কৰিছে।অনুষ্ঠান, বিশেষে ব্যক্তি বিশেষেও যোগত অংশগ্ৰহণ কৰা দেখা গৈছে।শেষত সকলোকে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনালো।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন