যোগাসনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্রহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে বশিষ্ট বৰপথাৰৰ ত্ৰিদীপ কুমাৰ বৰ্মনে যোগাসনৰ ‘ডিম্বাসন’ আসনটো ৩০৮ চেকেণ্ড সময় কৰি ‘বুক অব অসম ৰেকৰ্ড’ গঢ়িবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, কিশোৰটোৱে ২০১৯ বৰ্ষত বেষ্ট এচিয়ান লিটিল যোগা মাষ্টাৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও ২০১৮ আৰু ২০১৯ বৰ্ষত বহুটো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্রহণ কৰি সোন,ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ২০২০ বৰ্ষত অনলাইন যোগে পাঞ্জাৱত অনুষ্ঠিত হোৱা যোগ প্ৰতিযোগিতাত অংশগ্রহণ কৰি শ্ৰেষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ খেলুৱৈ বঁটা লাভ কৰাৰ উপৰিও উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা যোগ প্ৰতিযোগিতাত অংশগ্রহণ কৰি ‘যোগ ৰত্ন’ সন্মান অৰ্জন কৰিছিল। লিটিল যোগ মাষ্টাৰ ত্ৰিদীপ কুমাৰ বৰ্মনে বৰ্তমান যোগগুৰু অসীম বৰুৱাৰ অধীনত দিশপুৰস্হিত সুদৰ্শন যোগ চেণ্টাৰত প্ৰশিক্ষণ গ্রহণ কৰি আছে। উল্লেখযোগ্য যে, বৰপথাৰ নিবাসী ৰাজকুমাৰ বৰ্মন আৰু বিনিতা বৰ্মনৰ একমাত্র পুত্র ত্ৰিদীপ কুমাৰ বৰ্মন লালমাটিস্থ মহৰ্ষি বিদ্যা মন্দিৰৰ সপ্তম মান শ্ৰেণীত অধ্যয়নৰত।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক