বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত অংশ ল’বলৈ শনিবাৰে জাপানৰ টকিঅ’ অভিমুখে ৰাওনা হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই৷ ভাৰতীয় দলৰ আন সদস্যসকলৰ সৈতে তেওঁ নতুন দিল্লীৰ পৰা শনিবাৰে নিশা টকিঅ’লৈ উৰা মাৰে৷কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে বিমান বন্দৰত উপস্থিত থাকি ভাৰতীয় এথলীটৰ দলটোক শুভেচ্ছা জনায়৷ ইফালে লাভলীনাৰ লগতে টকিঅ’গামী ভাৰতীয় এথলীটসকলক উৎসাহিত কৰিবলৈ অসম অলিম্পিক সন্থাই কালি আৰ জি বৰুৱা ক্রীড়া প্রকল্পত এক অনুষ্ঠানৰ আয়োজন কৰে৷ ‘গুড লাক লাভলীনা, গুড লাক টীম ইণ্ডিয়া’ নামৰ এই অনুষ্ঠানত মিথু বৰুৱা, কল্পনা চৌধুৰী, পৰাগ দাস, টানিয়া চৌধুৰী, অন্যতম ৰাজকোঁৱৰ, এলভিছ আলী হাজৰিকাৰ দৰে কেইবাগৰাকীও প্রাক্তন খেলুৱৈৰ লগতে এডভেন্সাৰ ট্যুৰ অপাৰেটৰ অৱ অৰুণাচলৰ সভাপতি শ্বেৰিং ৱাংগে উপস্থিত থাকে৷ লাভলীনাক শুভেচ্ছা জনাবলৈ এই অনুষ্ঠানতে এক স্বাক্ষৰ অভিযান মুকলি কৰা হয়৷উল্লেখ্য যে প্রতিভাৱান বক্সাৰ লাভলীনা হ’ল অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ৷
Trending
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন