আমচাং অভয়াৰণ্যৰ কাষৰীয়া খানাপাৰা পাহাৰৰ শান্তিনগৰত পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ পাঞ্জাবাৰী খণ্ড বন কাৰ্য্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি এক বৃক্ষৰোপনৰ কাৰ্যসূচী অনুষ্ঠিত হয় । এটি গছপুলি ৰোপন কৰি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই । এই উপলক্ষে পাঞ্জাবাৰী খণ্ড বন কাৰ্য্যালয়ৰ খণ্ড বিষয়া নিৰ্মল ডেকাই আঁত ধৰা চমু অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গছ গছনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি বন বিভাগে ৰোপন কৰা গছপুলি সমূহ ৰাইজেও যাতে প্ৰতিপালন কৰে তাৰ বাবে উপস্থিত সকলোকে আহ্বান জনায় । অনুষ্ঠানত গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই ৰাইজে সহযোগিতা কৰিলেহে বৃক্ষৰোপন আঁচনিৰ মূল উদ্দেশ্য সফল হব বুলি ব্যক্ত কৰে । অনুষ্ঠানত উপস্থিত কেবাজনো লোকে অঞ্চলটোক সেউজকৰণৰ বাবে বন বিভাগে গ্ৰহণ কৰা সকলো কাৰ্যসূচীত ৰাইজৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা হব বুলি ব্যক্ত কৰে ।আনহাতে বৃক্ষৰোপন কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজৰ সহযোগত পাঞ্জাবাৰী খণ্ড বন কাৰ্য্যালয়ৰ বনকর্মী সকলে বিভিন্ন থলুৱা প্ৰজাতিৰ প্ৰায় ১৩০ টা গছপুলি ৰোপন কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন