আমচাং অভয়াৰণ্যৰ কাষৰীয়া খানাপাৰা পাহাৰৰ শান্তিনগৰত পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ পাঞ্জাবাৰী খণ্ড বন কাৰ্য্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি এক বৃক্ষৰোপনৰ কাৰ্যসূচী অনুষ্ঠিত হয় । এটি গছপুলি ৰোপন কৰি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই । এই উপলক্ষে পাঞ্জাবাৰী খণ্ড বন কাৰ্য্যালয়ৰ খণ্ড বিষয়া নিৰ্মল ডেকাই আঁত ধৰা চমু অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গছ গছনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি বন বিভাগে ৰোপন কৰা গছপুলি সমূহ ৰাইজেও যাতে প্ৰতিপালন কৰে তাৰ বাবে উপস্থিত সকলোকে আহ্বান জনায় । অনুষ্ঠানত গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই ৰাইজে সহযোগিতা কৰিলেহে বৃক্ষৰোপন আঁচনিৰ মূল উদ্দেশ্য সফল হব বুলি ব্যক্ত কৰে । অনুষ্ঠানত উপস্থিত কেবাজনো লোকে অঞ্চলটোক সেউজকৰণৰ বাবে বন বিভাগে গ্ৰহণ কৰা সকলো কাৰ্যসূচীত ৰাইজৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা হব বুলি ব্যক্ত কৰে ।আনহাতে বৃক্ষৰোপন কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজৰ সহযোগত পাঞ্জাবাৰী খণ্ড বন কাৰ্য্যালয়ৰ বনকর্মী সকলে বিভিন্ন থলুৱা প্ৰজাতিৰ প্ৰায় ১৩০ টা গছপুলি ৰোপন কৰে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী