অসমৰ অগ্ৰণী অটোম’বাইল কোম্পানী কুমাৰ ইঞ্জিনীয়াৰিঙে মহানগৰীৰ ধাৰাপুৰত ই-ৰিক্সা, পাৱাৰ টিলাৰ আৰু ৰ’টা ভেটাৰৰ এটা অত্যাধুনিক কাৰখানাটো আজি আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে অসম চৰকাৰৰ আৰক্ষী বিভাগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। উদ্বোধন কৰি মহন্তই ভাষণ প্ৰসঙ্গত “কুমাৰ ইঞ্জিনীয়াৰিং আৰু ছিষ্টাৰ কোম্পানীবোৰে আগৰে পৰাই এনেধৰণৰ বহু ভাল কাম কৰি আহিছে। অতিমাৰী ক’ৰণাৰ এই দুৰ্যোগৰ সময়তো তেখেতসকলে কোম্পানীৰ কোনো কৰ্মীকে কামৰ পৰা বিতাড়িত কৰা নাই। দৰমহাৰ ক্ষেত্ৰতো কাৰো পইচা হ্ৰাস কৰা নাই, বৰঞ্চ নতুনকৈ কৰ্মসংস্থাপন ব্যৱস্থাহে কৰিছে। প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া’ অভিযানৰ প্ৰতি লক্ষ্য ৰাখি এই স্থানীয় কোম্পানীটোৱে ই-ৰিক্সা, পাৱাৰ টিলাৰ আদি নিৰ্মাণ কৰি নিৱনুৱা সমস্যা দুৰীকৰণত সহায়ৰ হাত আগবঢ়াইছে। এই কাৰখানাটোৰ জৰিয়তে প্ৰায় ৭৬০ গৰাকী লোকক কৰ্ম সংস্থাপন দিব পাৰিব। উত্তৰ-পূৱ ভাৰতৰ এইটোৱেই হৈছে প্ৰথম অটোম’বাইল মেনুফেকচাৰিং প্লাণ্ট যিটোৱে বিশ্বৰ আন উদ্যোগসমূহৰ সৈতে খোজত খোজ মিলাই আগুৱাই যাব পাৰিব বুলি আশা কৰা হৈছে। এই প্লাণ্টৰ কাৰ্যক্ষমতা হৈছে প্ৰতি মাহত ১২০০ ইউনিট। যি সময়ত দেশবাসীয়ে অৰ্থনৈতিক উন্নতি বা উদ্যোগীকৰণৰ কথা চিন্তা কৰি এনে দুৰ্যোগৰ সময়ত কিন্তু কুমাৰ ইঞ্জিনীয়াৰিঙৰ অধ্যক্ষ কুমাৰ গৌৰৱৰ নেতৃত্বত উদ্যোগ বিপ্লৱ চলাই আহিছে, যাৰ দ্বাৰা ধাৰাপুৰ, জালুকবাৰী, আজাৰা আদি অঞ্চলৰ নিৱনুৱা যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপনৰ দিহা কৰি বিভিন্ন ধৰণে উপকৃত হ’ব। কুমাৰ ইঞ্জিনীয়াৰিঙে অসমৰ কৃষক আৰু নিৱনুৱা যুৱক-যুৱতীসকলৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলৰ প্ৰডাক্তসমূহ উন্নীতকৰণ কৰিছে। যাতে এই সামগ্ৰীসমূহৰ পৰা উপকৃত হয় আৰু কোনোধৰণৰ জটিলতা নোহোৱাকৈ তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু একে সময়তে তেওঁলোকৰ ৰাষ্ট্ৰৰ বিকাশৰ দিশতো নিজৰ অৰিহণা যোগাব পাৰে বুলি মহন্তই উল্লেখ কৰে। আজিৰ অনুষ্ঠানত অধ্যক্ষ কুমাৰ গৌৰৱে কয় যে, এই কাৰখানাটোৰ পৰা তেখেতসকলৰ ই-ৰিক্সা, পাৱাৰ টিলাৰ আৰু ৰ’টা ভেটৰৰ উৎপাদন কৰিব।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী