আজি অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বোকাখাত বিধান পৰিষদ গঠিত হোৱাৰ এবছৰ সম্পূৰ্ণ হয় । তদুপলক্ষে অগপৰ বোকাখাত কাৰ্যালয়ত ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী, বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাই আদৰণি ভাষণ আগবঢ়াই কয় “ছাত্ৰশক্তি সমাজৰ মেৰুদণ্ডস্বৰূপ। আমাৰ ভাতৃ সংগঠন অসম ছাত্র পৰিষদৰ যুৱ কৰ্মকৰ্তাসকলে সকলো প্ৰতিকূল পৰিস্থিতিতে ছাত্ৰ সমাজৰ সৰ্বাংগীণ কল্যাণৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে।” প্ৰথমটো বৰ্ষ সফলতাৰে অতিবাহিত কৰি ছাত্র-ছাত্ৰীৰ কল্যাণৰ বাবে সমৰ্পিত সেৱা আগবঢ়োৱাৰ বাবে অসম ছাত্ৰ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ ভূমিকাক মন্ত্ৰী গৰাকীয়ে আন্তৰিকতাৰে শলাগ লয় । একেই উৎসাহ-উদ্দীপনাৰে অসম ছাত্ৰ পৰিষদৰ ভেটি টনকিয়াল কৰাৰ ক্ষেত্ৰত অনাগত দিনবোৰতো অগ্ৰণী ভূমিকা ল’বলৈ মন্ত্ৰী বৰাই কৰ্মকৰ্তা সকলক আহ্বান জনায় । উক্ত সভাত অগপৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতা , সম্পাদক উৎপল বৰদলৈ , তথ্য প্ৰচাৰ সম্পাদক শংকৰ সেনাপতি , উপসভাপতি অসীম বৰা ,যুৱ পৰিষদৰ সভাপতি দিম্পল ঢেকিয়াল ফুকন , ছাত্ৰ পৰিষদৰ সভাপতি কংকজ বৰা , কাৰ্যকৰী সভাপতি ডেভিড বৰা , প্ৰশাসনিক সম্পাদক প্ৰাচুৰ্য শৰ্মাকে প্ৰমুখ্যে কৰি দলৰ বহু জেষ্ঠ কর্মী উপস্থিত থাকে ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি