অসম কন্যা লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত বক্সিঙৰ ব্ৰঞ্জ পদক লাভ কৰি গৌৰৱ কঢ়িওৱাৰ দিনাই আন এজন অসমীয়া নৱ কুমাৰ ফুকনে ইউৰোপৰ সুউচ্চ শৃংগ মাউন্ট এলব্ৰুছ আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।পৰ্বতাৰোহী নৱ কুমাৰ ফুকনে আজি দুপৰীয়া ইউৰোপ মহাদেশৰ ৰাচিয়াৰ ৫৬৪২ মিটাৰ উচ্চতাৰ মাউন্ট এলব্ৰুছ জয় কৰে।তেওঁ মাউন্ট এলব্ৰুছৰ শীৰ্ষত ভৰি থৈ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ চিত্ৰ সম্বলিত অসমীয়া গামোচা প্ৰদৰ্শন কৰাৰ লগতে ভাৰত মাতা কি জয় ধ্বনি দিয়ে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ৰাজহ মন্ত্ৰী যোগেন মহনৰ ফটো সম্বলিত পোষ্টাৰ প্ৰদৰ্শন কৰে।উল্লেখ্য যে ইয়াৰ পূৰ্বে নৱ কুমাৰ ফুকনে ২০১৬ চনত পৃথিৱীৰ সবোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰু ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ সুউচ্চ শৃংগ মাউন্ট কিলিমাঞ্জাৰো আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। চৰাইদেউ জিলাৰ চেপন শান্তি বনৰ নিৱাসী তথা চেপন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক নৱ কুমাৰ ফুকনৰ সাফল্যত চেপন, ডিমৌ অঞ্চলত আনন্দৰ বন্যা হৈছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan