অসম কন্যা লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত বক্সিঙৰ ব্ৰঞ্জ পদক লাভ কৰি গৌৰৱ কঢ়িওৱাৰ দিনাই আন এজন অসমীয়া নৱ কুমাৰ ফুকনে ইউৰোপৰ সুউচ্চ শৃংগ মাউন্ট এলব্ৰুছ আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।পৰ্বতাৰোহী নৱ কুমাৰ ফুকনে আজি দুপৰীয়া ইউৰোপ মহাদেশৰ ৰাচিয়াৰ ৫৬৪২ মিটাৰ উচ্চতাৰ মাউন্ট এলব্ৰুছ জয় কৰে।তেওঁ মাউন্ট এলব্ৰুছৰ শীৰ্ষত ভৰি থৈ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ চিত্ৰ সম্বলিত অসমীয়া গামোচা প্ৰদৰ্শন কৰাৰ লগতে ভাৰত মাতা কি জয় ধ্বনি দিয়ে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ৰাজহ মন্ত্ৰী যোগেন মহনৰ ফটো সম্বলিত পোষ্টাৰ প্ৰদৰ্শন কৰে।উল্লেখ্য যে ইয়াৰ পূৰ্বে নৱ কুমাৰ ফুকনে ২০১৬ চনত পৃথিৱীৰ সবোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰু ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ সুউচ্চ শৃংগ মাউন্ট কিলিমাঞ্জাৰো আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। চৰাইদেউ জিলাৰ চেপন শান্তি বনৰ নিৱাসী তথা চেপন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক নৱ কুমাৰ ফুকনৰ সাফল্যত চেপন, ডিমৌ অঞ্চলত আনন্দৰ বন্যা হৈছে।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ