কামৰূপ জিলাৰ কৃষকসকলৰ মনত আশাৰ সঞ্চাৰ কৰি কালি ২.৫ মেট্ৰিকটন মাটিকঠাল বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয়৷ তেলেংগনা ৰাজ্যৰ চেকেণ্ডৰাবাদলৈ কঢ়িয়াই নিব লগা ট্ৰাকৰ যাত্ৰা কালি কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে৷ ট্ৰাকখনত মুঠ ৯০০টা মাটিকঠাল পঠিওৱা হয়৷ এই মাটিকঠালখিনি Raiseom Agritech Pvt Ltd আৰু Sam Agritech Pvt Ltd এ ক্ৰয় কৰিছে৷ ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰি উপায়ুক্তগৰাকীয়ে প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰিবলৈ সক্ষম হোৱা বকো মাটিকঠাল উৎপাদক কোম্পানী লিমিটেডৰ কৰ্মকৰ্তাসকলৰ লগতে কৃষকসকলক অভিনন্দন জ্ঞাপন কৰে৷ তদুপৰি¸ কৃষিখণ্ডৰ উত্তৰণেৰে আত্মনিৰ্ভৰ হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিত অৰিহনা যোগোৱাৰ লক্ষ্যৰে কৃষিখণ্ডক স্বনিয়োজনৰ মাধ্যম ৰূপে গঢ়ি তোলাৰ অৰ্থে যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈও তেওঁ আহ্বান জনায় । ৰপ্তানি কৰা মাটিকঠালসমূহ কামৰূপৰ বকো মাটিকঠাল উৎপাদক কোম্পানী লিমিটেডৰ অধীনত বকো, বনগাঁও আৰু বৰগাঁৱৰ কৃষি চক্ৰৰ বিভিন্ন গাঁৱৰ প্ৰায় এহেজাৰ কৃষকে উৎপাদন কৰিছে৷ উল্লেখযোগ্য যে অসমৰ কৃষি বিভাগৰ সৌজন্যত আৰু অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ উদ্যোগত উল্লেখিত কোম্পানীটো ২০১৬ চনতে সংগঠিত কৰা হৈছিল৷ কোম্পানীটোৱে ইতিমধ্যে ৯৬০হেক্টৰ ভূমি সামৰি লৈছে৷ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ Mission Organic Value Chain Development in Assam আঁচনিৰ অধীনত বিভিন্ন সহায় সমৰ্থন লাভ কৰা এই কোম্পানীটোৰ বজাৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত এপাৰ্ট আৰু জিলা প্ৰশাসনে সক্ৰিয়ভাৱে সহায় আগবঢ়াই আছে৷
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan