মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ নৱ-নিৰ্বাচিত চৰকাৰখনে নিজৰ কাৰ্যকালৰ আজি ১০০ দিন সম্পূৰ্ণ কৰে। এই ৰাজ্য চৰকাৰখনৰ কাৰ্যকালৰ উল্লেখনীয় সফলতা তথা পদক্ষেপ সমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন ৰাজহুৱা সভা তথা সংবাদমেলৰ আয়োজন কৰা হয়। সভাত উপায়ুক্ত গৰাকীয়ে উপস্থিত বিশিষ্ট নাগৰিক আৰু সংবাদসেৱী সকলক বৰ্তমানৰ চৰকাৰখনৰ ১০০ দিনৰ অনিৰুদ্ধ যাত্ৰাত আগবঢ়োৱা উল্লেখনীয় সেৱা আৰু সুশাসন তথা উন্নয়নৰ হকে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে চৰকাৰখনৰ সফলতাৰ খতিয়ান সম্বলিত এখনি পুস্তিকা উন্মোচন কৰে। এই পুস্তিকাখন উপস্থিত বিশিষ্ট নাগৰিক আৰু সংবাদসেৱী সকলৰ মাজত বিতৰণ কৰা হয়।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram