গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচী চমুকৈ এন টি চি পিৰ জিলা পৰ্যায়ৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এন টি চি পিৰ জিলা কোষৰ ন’ডেল বিষয়া ডাঃ সুনীতা এক্কাই পাৱাৰপইণ্ট প্ৰেজেন্টেছেনৰ সহায়ত ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত জিলাখনত কৰা কাম-কাজ আৰু ধঁপাতৰ ভয়াৱহতা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে ধোঁৱা ওলোৱা আৰু ধোঁৱাবিহীন দুয়ো প্ৰকাৰৰ ধঁপাতেই স্বাস্থ্যৰ ভয়ানক ক্ষতি কৰিব পাৰে। চিগাৰেটত ৪ হাজাৰ বিধ ৰাসায়নিক দ্ৰব্য, ২০০বিধ বিষাক্ত সামগ্ৰী আৰু ৪৩৮বিধ কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা দ্ৰব্য থাকে বুলি তেওঁ উল্লেখ কৰে । তেওঁ উঠি অহা প্ৰজন্মৰ মাজত ধঁপাতজাতীয় তথা নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন বৃদ্ধি পোৱাৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে কয় যে ধঁপাতৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিয়ে ইয়াৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ । তেওঁ বিশেষকৈ শিক্ষানুষ্ঠানসমূহত বিশেষ সজাগতা অভিযান চলোৱাৰ লগতে ধঁপাতৰ প্ৰতি আসক্ত লোকক মূল সুঁতিলৈ ওভতাই আনিবলৈ চিকিৎসক, মনোৰোগ চিকিৎসক আদিৰ দ্বাৰা উপযুক্ত দিহা-পৰামৰ্শ আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বৈঠকত অংশ লোৱা চিকিৎসক, আৰক্ষী বিষয়া, বিভিন্ন বিভাগ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই ধঁপাতৰ প্ৰচলন নোহোৱা কৰাৰ ক্ষেত্ৰত প্ৰতিটো বিভাগে সমন্বয়েৰে কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, কুলদীপ হাজৰিকা, বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰা, উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা, চিকিৎসা বিষয়া ড° ৰঞ্জিত হাজৰিকা আৰু জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰাৰ লগতে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল।
Trending
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান