অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আজি মহামানৱ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি প্ৰদানেৰে কাৰ্য্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। প্ৰাৰ্থনা সমাপ্তিৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দ্বাৰা গঠিত ৭৫ তম্ স্বাধীনতা বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত জাতিৰ পিতা মহাত্মা গান্ধী আৰু দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতে এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা উক্ত সভাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠক ডাঙৰীয়াই আমন্ত্ৰিত বক্তা হিচাপে এক তত্বগধূৰ বক্তব্য দাঙি ধৰে। প্ৰাক্তন সাংসদ বলীন কুলি দেৱে আঁত ধৰা সভাত প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই উদ্দেশ্যে ব্যাখ্যা কৰে। সমিতিৰ আহ্বায়ক নৃপেন ঠাকুৰীয়াই সম্বৰ্দ্ধনা অনুষ্ঠান পৰিচালনা কৰে। সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ আব্দুল খালেকে গান্ধীজী আৰু লালবাহাদুৰ শাস্ত্ৰীৰ কৰ্মৰাজি আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে। সমিতিৰ হৈ সভাপতি শৰৎ বৰকটকীয়ে সভাপতিৰ ভাষণ প্ৰদান কৰে। সভাৰ হৈ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই শলাগৰ শৰাই আগবঢ়ায়। । বিধায়ক আব্দুল বাতেন খন্দকৰ, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নজমুদ্দিন, নুৰজামাল চৰকাৰ, চিৰাজুল হুছেইন শইকীয়া, মেহদী আলম বৰা, ড০ অশ্বিন মহন্ত, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস প্ৰমুখ্যে বহু জ্যোষ্ঠ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram