সমাজ সভ্যতা আৰু সম্ভ্ৰমী সংস্কৃতিৰ ক্ষেত্ৰখনলৈ মেটমৰা অৱদান আগবঢ়াই শত সহস্ৰজনৰ স্নেহার্শীষ বুটলিবলৈ সক্ষম হোৱা ৰাজ্যখনৰ দুই প্ৰচাৰ বিমুখ নীৰৱ সাধকক শনিবাৰে ঢকুৱাখনা মহকুমাৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ৰংগভূমি নাট্য মঞ্চই প্ৰদান কৰিলে মান্যতা । নাট্য সাহিত্য আৰু চলচিত্ৰৰ মাধ্যমেৰে এখন ৰক্ষণশীল সমাজক নব্য গতিশীলতা প্ৰদানৰ নিৰবিছিন্ন সাংস্কৃতিক সংগ্ৰাম চলাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উচ্চ প্ৰশংসিত হোৱা নগাঁও জিলাৰ বিশিষ্ট নাট্য পৰিচালক , সুঅভিনেতা প্ৰবীণ হাজৰিকা আৰু সাম্প্ৰতিক কোভিড সৃষ্ট জটিল সময়ত লখিমপুৰ জিলাৰ হাজাৰ বিজাৰ কোৰোনাক্ৰান্ত ৰোগীৰ অন্যতম ত্ৰাণকৰ্তা তথা সঞ্জীৱনী প্ৰদানকাৰী মানৱ দৰদী হিচাবে পৰিচিত পল্লৱী নেওগ বৰালৈ এই সামাজিক স্বীকৃতি প্ৰদান কৰা হৈছে। মহামানব মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষত শনিবাৰে ঢকুৱাখনাৰ ৰংগভূমি নাট্য মঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক ৰাজহুৱা সভাত বৰেণ্য দুই অভ্যাগতক বিশেষ বঁটাৰে বিভূষিত কৰা হয়। নাট্য মঞ্চই নাট্য সাধক প্ৰবীণ হাজৰিকাই নাট্য ক্ষেত্ৰলৈ আগবঢ়োৱা বৰেণ্য অৱদানৰ বাবে ২০২১ বৰ্ষৰ ৰংগভূমি সাংস্কৃতিক বঁটা আৰু অতিমাৰী কোৰোনাৰ ভয়াবহ সংক্ৰমণৰ সময়ত লখিমপুৰ জিলাত এটা “অক্সিজেন বেংক ” স্থাপন কৰি অগণন ৰোগাক্ৰান্তৰ প্ৰতি মানৱ দৰদী সেৱা আগবঢ়াই যোৱা বিহপুৰীয়াৰ “কৌশল বিকাশ ট্ৰাষ্ট”ৰ সঞ্চালক পল্লৱী নেওগ বৰালৈ ৰংগভূমি নাট্য মঞ্চৰ ২০২১ বর্ষৰ সামাজিক বঁটা প্ৰদান কৰে । গান্ধী জয়ন্তী উপলক্ষত শনিবাৰে অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানৰ সঞ্চালনা কৰে সাংস্কৃতিক কৰ্মী ৰাজীৱ তামূলীয়ে । প্ৰাৰম্ভতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্প মাল্যৰে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাগৰিক ,অবসৰী শিক্ষক পৃথু বৰাই। ইয়াৰ পাছতে “গান্ধী দৰ্শন আৰু সাম্প্ৰতিক সমাজ ” শীৰ্ষক বিষয়ত বক্তৱ্য আগবঢ়াই প্ৰিয়ম ডি জ্যোৎষ্ণাই । উদীয়মান সাংস্কৃতিক কৰ্মী ,নৃত্য পৰিচালক বাবা গগৈৰ নিখুঁত পৰিচালনাৰে পৰিবেশিত বাৰে বৰণীয়া দৃষ্টিনন্দন সাংস্কৃতিক অনুষ্ঠানৰ মাজতে দুই সমাজহিতৈষী ব্যক্তিক ৰংগভূমি নাট্য মঞ্চৰ তৰফৰ পৰা চেলেং চাদৰ, গামোচাৰে উষ্ণ সম্বৰ্ধনা জনাই সঁফুৰা আৰু প্রশষ্টি পত্ৰ আদিৰে ৰংগভূমি বিশেষ বঁটা ২০২১ প্ৰদান কৰা হয়। ৰংগভূমি বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট নাট্যকাৰ, অভিনেতা ,পৰিচালক গৌৰৱ বৰুৱাৰ পৰিচালনাত নিৰ্মিত ” নিজানৰ সুহুৰি” নামৰ কাব্যিক চুটি ছবিখনৰ প্ৰদৰ্শনে উপস্থিত দৰ্শক অভ্যাগতক মন্ত্ৰমুগ্ধ কৰি ৰাখে । বাতৰি যুগুতালে অমৃত পৱন বৰাই ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram