দুৰ্গতিনাশিনী শক্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ স্তুতি ,অৰ্চনা আৰাধনাই মহা সপ্তমীৰ আধ্যাত্মিকতাত বাঙ্ময় ৰূপ দিছে ঢকুৱাখনা মহকুমাত। ভয়াবহ কোৰোনা বিভীষিকাৰ মাজতে মহকুমাটোৰ ৫ টা স্থানত পৰম্পৰাগত ভাবে দেৱী বন্দনাৰ মহা আয়োজন চলিছে। মহকুমাটোৰ ঘিলামৰা থানাৰ অন্তৰ্গত দুখন , ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত শ্ৰী শ্ৰী ঈশ্বৰীয় হাৰ্হি দেৱালয় , শ্ৰী শ্ৰী সাৰ্বজনীন মিলন মন্দিৰ আৰু শ্ৰী শ্ৰী ঠাকুৰবাৰী বিষ্ণু মন্দিৰ প্ৰাংগণত শঙ্খ ,ডবা ,কাঁহ , ঘণ্টা ,ঢোল ,খোল ,তালৰ বিনন্দীয়া ধ্বনিৰ মাজত দেৱীৰ পূজা অৰ্চনা অব্যাহত আছে মহা সপ্তমীৰ দিনটোত। মহকুমাবাসীৰ উচাহ ভৰা আগমন আৰু শাৰদী ৰাণীৰ বন্দনাত বিধৌত হৈছে সকলোবোৰ পূজা মণ্ডপ আৰু আধ্যাত্মিক থলী। ১৭২২ খ্ৰীষ্টাব্দত চুতীয়া ৰজাৰ দিনত শদিয়াৰ তাম্ৰেশ্বৰী দেৱালয়ৰ পৰা বিগ্ৰহ আনি ঢকুৱাখনা জানৰ পাৰৰ দেৱলীয়া গাঁওৰ হাৰ্হি দেৱালয়ত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পৰা অৱধাৰিত ভাবে বলি বিধানেৰে দেৱী অৰ্চনা কৰি অহা হৈছে । এইবাৰো থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু শাক্ত ধৰ্মী ভক্ত প্ৰাণ ৰাইজৰ সহযোগিতাত এই সৰ্ব পৰিচিত গোসাঁনী থানত পৰম্পৰাগত ভাবে মহালয়াৰ পৰা আৰম্ভ হৈছে বলি বিধানেৰে দেৱী পূজা। মঙলবাৰৰ মহা সপ্তমীৰ দিনাও অগণন ভক্তপ্ৰাণৰ আগমন ঘটে ঐতিহাসিক গোসাঁনী থানখনলৈ । ইস্পিত মনোবাঞ্ছা পূৰণৰ হেতু ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা গোসাঁনীৰ শ্ৰী চৰণত এভাগি শৰাই আগবঢ়াবলৈ আগমন ঘটা সেৱকী সকলে আগবঢ়োৱা কোমোৰা ,কুঁহিয়াৰ , জৰা , হাঁহ ,ছাগলী আদি বলিৰে দেৱীলৈ প্ৰসাদ অৰ্পণ কৰি কৃতাৰ্থ হোৱা সেৱকী সকলক যথাসাধ্য আতিথ্য আগবঢ়াইছে থান পৰিচালনা সমিতিয়ে । সমিতিৰ সভাপতি মুনিন বৰঠাকুৰ ,সম্পাদক মোহিনী শইকীয়াই জনোৱা মতে বিয়লি পৰ্যন্ত মুঠ ৯০ টা হাঁহ , ৪১ ছাগলী বলি দি দেৱী পূজা কৰিছে । সমিতিয়ে জনোৱামতে কাইলৈ মহা অষ্টমীৰ দিনা ভক্তপ্ৰাণ ৰাইজৰ হৈ পৰিচালনা সমিতিয়ে গোসাঁনীলৈ উৎসৰ্গা কৰা এটা গুণা মহ বলিৰ বাবে সাজু কৰি ৰখা হৈছে। ইয়াৰোপৰি মহাঅষ্টমীত শত সহস্ৰ হাঁহ ,ছাগলীৰো বলি দিয়াৰ পৰম্পৰা পুৱাৰ পৰাই অব্যাহত থাকিব বুলি জানিবলৈ দি উত্তৰ অসমৰ একমাত্ৰ মহা জাগ্ৰত শক্তি পীঠ ঐতিহাসিক গোসাঁনী থানলৈ ভক্তিভৰা নৈবেদ্য আগবঢ়াই মনোকামনা সিদ্ধিৰ সেৱা ধৰিছে থান পৰিচালনা সমিতিয়ে। বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram