দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৮ দিনীয়া কাৰ্যসূচীৰে জিলাখনৰ পঞ্জীয়নভূক্ত বয়োজ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তি সকলক জীৱন যাপনৰ বাবে বিনামুলীয়াকৈ সা- সজুলি প্ৰদানৰ বাবে শাৰীৰিক পৰীক্ষাৰ শিবিৰৰ আয়োজন কৰা হৈছে ।উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত আৰু ALIMCO ৰ সহযোগত ৮ দিনীয়া কাৰ্যসূচীৰে জিলাখনত ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু ADIP আচনিৰ অধীনত এই শাৰীৰিক পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে । এই ৮ দিনীয়া কাৰ্যসূচীৰ ভিতৰত মানকাচৰ মহাবিদ্যালয়ত তিনি দিনলৈ শাৰীৰিক পৰীক্ষা শিবিৰ অনুষ্ঠিত হোৱাৰ পাছত অহা ২৫ আৰু ২৬ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰা মহাবিদ্যালয়তো অঞ্চলটোৰ পঞ্জীয়নভূক্ত বয়োজ্যেষ্ঠ আৰু দিব্যাংগ ব্যক্তি সকলৰ শাৰীৰিক পৰীক্ষা কৰা হব । একেদৰে অহা ২৭, ২৮, ২৯ আৰু ৩০ অক্টোবৰত চাৰিদিনীয়া কাৰ্যসূচীৰে জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়তো শাৰীৰিক পৰীক্ষা শিবিৰ অনুষ্ঠিত হোৱাৰ পাছত ৮ দিনীয়া কাৰ্যসূচীৰ সামৰনি পৰিব ।ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু ADIP আচনিৰ অধীনত স্থানীয় সমুহীয়া গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চিএছচিৰ জৰিয়তে ৬০ বছৰৰ উৰ্ধ্বৰ বয়োজ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তি সকলৰ শাৰীৰিক পৰীক্ষা সাপেক্ষে জীৱন যাপনৰ সুবিধাৰ্থে যথাযোগ্য সা-সুঁজুলি বিনামুলীয়াকৈ যোগান ধৰাৰ বাবে এই শাৰীৰিক পৰীক্ষাৰ আয়োজন কৰা হৈছে। চিএছচিৰ জৰিয়তে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰা ব্যক্তি সকলকহে পঞ্জীয়ন নম্বৰ সহ জিলা প্ৰশাসনে জাৰি কৰা সূচী অনুসৰি নিৰ্দিষ্ট তাৰিখ আৰু স্থানত যথা সময়ত শাৰীৰিক পৰীক্ষাৰ বাবে উপস্থিত থাকিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।তদুপৰি যি সকল দিব্যাংগ ব্যক্তিয়ে আগতীয়াকৈ চিএছচিৰ জৰিয়তে নাম পঞ্জীয়ন কৰা নাই তেখেত সকল নিজৰ পৰিচয়পত্ৰ আৰু পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ সহ অহা ৩০ অক্টোবৰ তাৰিখে হাটশিঙিমাৰী মহাবিদ্যালয়ত দিনৰ ৯ বজাৰ পৰা ৪ বজালৈ নিজৰ নাম পঞ্জীয়ন কৰাৰ লগতে শাৰীৰিক পৰীক্ষা কৰাৰ সুবিধা লাভ কৰিব বুলি জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুমে জানিবলৈ দিয়ে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon