সোণাৰিৰ যুৱক যুবতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ ব্যবস্থা লোৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান ড্ৰীমছ জ’ন আই এ এছৰ উদ্যোগত আজি সোণাৰি মহাবিদ্যালয়ত এটা কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা সম্পন্ন হয়।সোণাৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙ। প্ৰশাসনিক সেৱা তথা প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হোৱা এই কৰ্মশালাটো উদ্বোধন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে।ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা এই কৰ্মাশালাত মহাবিদ্যালয় খনৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে প্ৰশাসনিক সেৱা পৰীক্ষাৰ বাবে সাজু হব লাগে সেই সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হয় ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী