গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ( এন এছ এছ ) গোট আৰু গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কৌশল বিকাশ আৰু জীৱিকা পৰামৰ্শৰ প্ৰশিক্ষণ শিবিৰৰ আৰম্ভ হৈছে । আৰম্ভণি অনুষ্ঠানত ভাগ লৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্তই সমাজত এনএছএছ-ৰ দায়বদ্ধতা সমন্ধীয় বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত মূখ্য অতিথিৰূপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছ কোষৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিক তেওঁ কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ২০১৯-২০ বৰ্ষৰ বঁটা লাভ কৰা বাবে তেওঁক মহাবিদ্যালয়ৰ প্ৰতীক চিহ্নযুক্ত এখনি ফুলাম গামোছা আৰু এটি ফুলৰ তোৰাৰে অধ্যক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ভাষণত ডঃ কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এনএছএছ সম্বন্ধীয় তেঁওৰ অভিজ্ঞতা সমূহ অভিব্যক্ত কৰাৰ লগতে জীৱনত কৌশল বিকাশৰ মাধ্যমেৰে নিজৰ লক্ষ্যত উপনীত হবলৈ অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানটোত উপাধ্যক্ষ দীপিকা ৰয় মেধিয়ে ‘মোৰ দেশ’ শীৰ্ষক কবিতাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক দেশ সেৱাৰ বাবে উদ্বুদ্ধ কৰি তোলে। চাৰিদিনীয়া শিবিৰত প্ৰশিক্ষক হিচাপে মেঘনা কৌশিকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰ অহা ২৮ অক্টোবৰত সামৰণি পৰিব।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা