নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ উদ্যোগত গোলাঘাট জিলাৰ পুলিবাগানত মঙলবাৰে অনুষ্ঠিত হয় এক বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ। নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ গোলাঘাট শাখাৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ জৰিয়তে পুলিবাগান অঞ্চলৰ ডেৰ শতাধিক পশু পক্ষীৰ চিকিৎসা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।এই চিকিৎসা শিবিৰত পশু চিকিৎসক ডাঃ শান্তনু ভট্টাচাৰ্য্যই চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে গাহৰি আৰু ছাগলীৰ বিভিন্ন ৰোগৰ লক্ষণ আৰু তাৰ প্ৰতিকাৰৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাৰ ওপৰতো আলোকপাত কৰে। পুলিবাগান অঞ্চলৰ বহু সংখ্যক স্থানীয় পুৰুষ আৰু মহিলা সকলে অংশগ্ৰহণ কৰা চিকিৎসা শিবিৰৰ অনুষ্ঠানটিৰ আঁত ধৰে নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ গোলাঘাট শাখাৰ ঋণ বিভাগৰ শাখা পৰিচালক ৰাজু বৰাই। উল্লেখ্য যে,নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকে ৰাজ্যখনৰ পুৰুষ-মহিলাসকলক স্বাৱলম্বীতাৰ বাবে ঋণ প্ৰদান কৰাৰ সমান্তৰালকৈ এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ