ঢকুৱাখনাত  শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি

0 227

ভগবান শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন বাবে ঢকুৱাখনা মহকুমাৰ ভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি।মহকুমাটোৰ গন্ধিয়া পঞ্চায়তৰ  ঘাঁৰমৰা আঞ্চলিক নাট্য সংঘৰ সৌজন্যতো  সাধনী কৃষ্টি ভৱন প্ৰাংগনত অহা ১৯ আৰু ২০ নৱেম্বৰত  দুদিনীয়া কাৰ্যসূচীৰে৩৮ সংখ্যক ৰাস মহোৎসৱ উদযাপন বাবে  অব্যাহত আছে ব্যাপক আয়োজন।  প্ৰায় ২লাখ টকা বাজেট গ্ৰহণ কৰি অত্যাধুনিক মঞ্চ আৰু আলোক সজ্জাৰে অনুষ্ঠিতব্য ৰাস মহোৎসৱত সংস্কৃতিবান ৰাইজৰ উপস্থিতি উদযাপন সমিতিৰ সভাপতি মনোজ বৰুৱা, যুটীয়া সম্পাদকদ্বয় ভাস্কৰ শইকীয়া আৰু নৱ শইকীয়াই আন্তৰিকতাৰে কামনা কৰিছে ।ইপিনে ঢকুৱাখনা নগৰৰ বালি গাঁও নাট্য মন্দিৰৰ উদ্যোগটো বালি গাঁও যুৱ সংঘৰ  ৰাস লীলা উদযাপনৰ প্ৰস্তুতি চলিছে ।  অহা ১৮ আৰু ১৯ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ`ব লগা মহোৎসৱত  সংস্কৃতি প্ৰেমী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে যুৱ সংঘৰ সম্পাদক বিদ্যা বৰুৱাই।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.