দক্ষিণ কামৰূপৰ মিৰ্জাত অত্যাধুনিক স্মাৰ্ট ম’বাইল ফোন ‘ৰিয়েলমিৰ’ শ্ব’ৰুম ৯ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰিয়েলমিৰ শ্ব’ৰুম মুকলি কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে মিৰ্জাৰ সমাজকৰ্মী দীনেশ চৌধুৰীয়ে। উক্ত শ্ব’ৰুম মুকলি কৰি হিমাংশু শেখৰ বৈশ্যই দক্ষিণ কামৰূপৰ মিৰ্জাত ‘ৰিয়েলমি’ৰ অত্যাধুনিক ৫ জি স্মাৰ্ট ম’বাইল ফোন, স্মাৰ্ট টিভি, ঘড়ী, হেণ্ডফোন আদি উপলব্ধ শ্ব’ৰুম মুকলি হোৱাত অঞ্চলটোৰ জনসাধাণৰ বহুত উপকাৰ হ’ব। বৰ্তমান সময়ত ম’বাইল ফোন নহলে একো কামেই নহয়। সেয়েহে ম’বাইল ফোন সকলোকে অত্যন্ত জৰুৰী। উদ্যমী যুৱক তথা স্বত্বাধিকাৰী চানী সেঠীক শুভেচ্ছা তথা ব্যৱসায়িক দিশত উজ্বল ভৱিষ্যত কামনা কৰি উক্ত শ্ব’ৰুমত অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপন দিবলৈ আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই। উক্ত অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰিয়েলমিৰ স্মাৰ্ট ম’বাইল ফোন নতুনকৈ শ্ব’ৰুম মুকলি কৰা বাবে শুভেচ্ছা জ্ঞাপন কৰে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা