গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটী বিমানকোঠৰ উপ মহা প্ৰবন্ধক ( চি এন এছ ) , সাংস্কৃতিক কর্মী জগদীশ বৈশ্যই নিজে ৰচনা কৰি সুৰ আৰু কণ্ঠ দিয়া ভক্তিমূলক “হৰি নামৰ প্ৰাংগন” শীৰ্ষক গীতটো ১৪ নৱেম্বৰত ইউ টিউব চেনেল যোগে মুকলি কৰা হৈছে । জগদীশ বৈশ্যই প্ৰায় চাৰে পাঁচ মিনিট দৈৰ্ঘ্যৰ গীতটো তেওঁৰ পৈত্রিক গাঁও কামৰূপ জিলাৰ হাজোৰ সোঁৱানচাহ গাঁওৰ শ্ৰী শ্ৰীবাসুদেৱ নামঘৰৰ ৭৮ সংখ্যক বর্ষপূৰ্তি উপলক্ষে ৰচনা কৰিছিল । ১৪ নৱেম্বৰৰ দিনা নামঘৰ প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটো মুকলি কৰে নামঘৰ পৰিচালনা কমিটিৰ সভাপতি অচ্যুৎ বৈশ্যই । অনুষ্ঠানত জ্যেষ্ঠ ভকত নগেন্দ্ৰ ঠাকুৰীয়া , লক্ষ্মীকান্ত মেধি , হৰেশ্বৰ বৈশ্য , বলোৰাম বৈশ্য , ফণীন্দ্র বৈশ্যকে ধৰি কেবাজনো বিশিষ্ট লোক , কেবাগৰাকী আইমাতৃ উপস্থিত থাকে। আনহাতে দেৱেশ্বৰ বৈশ্যই আঁত ধৰা অনুষ্ঠানত উপস্থিত সকলোৱে জগদীশ বৈশ্যৰ উচ্চ প্ৰশংসা কৰি কৰ্মসূত্ৰে গাঁওৰ পৰা বাহিৰত থাকিলেও তেওঁ এতিয়াও মূল শিপাডাল ধৰি ৰখা বাবে হৰিধ্বনিৰে আশীৰ্বাদ দিয়ে।অনুষ্ঠানত জগদীশ বৈশ্যই গীতটো ৰচনাৰ আঁৰৰ কথা , নিজৰ অনুভৱ আদি ব্যক্ত কৰে । আনহাতে জগদীশ বৈশ্যই ৰচনা কৰি সুৰ আৰু কণ্ঠ দিয়া গীতটোৰ সংগীত পল্লৱ দাসৰ। শব্দ সংমিশ্ৰণ জিন্টু বৰদলৈৰ। অহা ১২ ডিচেম্বৰত বাসুদেৱ নামঘৰৰ বাৰ্ষিক মহোৎসৱৰ কাৰ্যসূচীত গীতটোৰ ভি ডি অ` মুকলি কৰা হ`ব বুলি জগদীশ বৈশ্যই জানিবলৈ দিছে । গীতটো আগ্ৰহী ৰাইজে শুনিব বিচাৰিলে ইউ টিউব চেনেল – jagadishBmusic ত লগ অন কৰিব লাগিব । উল্লেখযোগ্য যে চলিত বৰ্ষত জগদীশ বৈশ্যই তিনিটা গীত ৰচনা , কণ্ঠ আৰু সুৰ দি ইউ টিউব চেনেলত মুকলি কৰিছে। গীত কেইটা হল ক্ৰমে – শৰতৰ পদূলি,মোৰ প্ৰাণৰ বিহুৱান আৰু গানে গানে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন