গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটী বিমানকোঠৰ উপ মহা প্ৰবন্ধক ( চি এন এছ ) , সাংস্কৃতিক কর্মী জগদীশ বৈশ্যই নিজে ৰচনা কৰি সুৰ আৰু কণ্ঠ দিয়া ভক্তিমূলক “হৰি নামৰ প্ৰাংগন” শীৰ্ষক গীতটো ১৪ নৱেম্বৰত ইউ টিউব চেনেল যোগে মুকলি কৰা হৈছে । জগদীশ বৈশ্যই প্ৰায় চাৰে পাঁচ মিনিট দৈৰ্ঘ্যৰ গীতটো তেওঁৰ পৈত্রিক গাঁও কামৰূপ জিলাৰ হাজোৰ সোঁৱানচাহ গাঁওৰ শ্ৰী শ্ৰীবাসুদেৱ নামঘৰৰ ৭৮ সংখ্যক বর্ষপূৰ্তি উপলক্ষে ৰচনা কৰিছিল । ১৪ নৱেম্বৰৰ দিনা নামঘৰ প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটো মুকলি কৰে নামঘৰ পৰিচালনা কমিটিৰ সভাপতি অচ্যুৎ বৈশ্যই । অনুষ্ঠানত জ্যেষ্ঠ ভকত নগেন্দ্ৰ ঠাকুৰীয়া , লক্ষ্মীকান্ত মেধি , হৰেশ্বৰ বৈশ্য , বলোৰাম বৈশ্য , ফণীন্দ্র বৈশ্যকে ধৰি কেবাজনো বিশিষ্ট লোক , কেবাগৰাকী আইমাতৃ উপস্থিত থাকে। আনহাতে দেৱেশ্বৰ বৈশ্যই আঁত ধৰা অনুষ্ঠানত উপস্থিত সকলোৱে জগদীশ বৈশ্যৰ উচ্চ প্ৰশংসা কৰি কৰ্মসূত্ৰে গাঁওৰ পৰা বাহিৰত থাকিলেও তেওঁ এতিয়াও মূল শিপাডাল ধৰি ৰখা বাবে হৰিধ্বনিৰে আশীৰ্বাদ দিয়ে।অনুষ্ঠানত জগদীশ বৈশ্যই গীতটো ৰচনাৰ আঁৰৰ কথা , নিজৰ অনুভৱ আদি ব্যক্ত কৰে । আনহাতে জগদীশ বৈশ্যই ৰচনা কৰি সুৰ আৰু কণ্ঠ দিয়া গীতটোৰ সংগীত পল্লৱ দাসৰ। শব্দ সংমিশ্ৰণ জিন্টু বৰদলৈৰ। অহা ১২ ডিচেম্বৰত বাসুদেৱ নামঘৰৰ বাৰ্ষিক মহোৎসৱৰ কাৰ্যসূচীত গীতটোৰ ভি ডি অ` মুকলি কৰা হ`ব বুলি জগদীশ বৈশ্যই জানিবলৈ দিছে । গীতটো আগ্ৰহী ৰাইজে শুনিব বিচাৰিলে ইউ টিউব চেনেল – jagadishBmusic ত লগ অন কৰিব লাগিব । উল্লেখযোগ্য যে চলিত বৰ্ষত জগদীশ বৈশ্যই তিনিটা গীত ৰচনা , কণ্ঠ আৰু সুৰ দি ইউ টিউব চেনেলত মুকলি কৰিছে। গীত কেইটা হল ক্ৰমে – শৰতৰ পদূলি,মোৰ প্ৰাণৰ বিহুৱান আৰু গানে গানে।
Trending
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh