দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ বিউটিচিয়ান অনামিকা ডেকাই মিৰ্জালৈ গৌৰৱ কঢিয়াই আনিছে! যোৱা ১৭ নৱেম্বৰত ফেশ্বন শ্ব’ৰ ইণ্টাৰনেচনেল গ্ল’বেল ইউনিভাৰ্চৰ উদ্যোগত এ মেগা বিউতি পেগেণ্ট শ্ব’ৰ ৰাষ্ট্ৰীয় এৱাৰ্ড অনুষ্ঠানত মিষ্টাৰ, মিছ, মিচেছ, আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত পলাশবাৰী সৰপাৰাৰ অনামিকাই ডেকাই ফেশ্বন শ্ব’ৰ শাখাত মিচেছ ‘ইণ্টাৰনেচনেল গ্ল’বেল ইউনিভাৰ্চ’ৰ চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। খিতাপ অৰ্জন কৰাৰ লগে লগে ডেকাৰ পিতৃ-মাতৃ, পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰাৰ লগতে অঞ্চলটোৰ বহুকেইজন শুভাকাংশীয়ে ফোন যোগে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। উক্ত প্ৰতিযোগিতাত শিশুসহ প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজ। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত মেকাপ আৰ্টিচৰ লগতে এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মৰমীয়াল তথা উদ্যমী যুৱতী অনামিকা ডেকাই মিৰ্জাত এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা- অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা