ৰাইটাৰ্ছ ফ’ৰাম অফ অসম আৰু অসম বন্ধুৰ যৌথ উদ্যোগত ২১ নৱেম্বৰত বিয়লি গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ জয়ন্ত কুমাৰ – লখিমী বৰুৱা সদনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলত কৰ্মৰত বনপালক -১ আৰু অসম বন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক পুলিন মহন্তক বিগত সময়চোৱাত তেওঁ বন বিভাগত প্ৰদৰ্শন কৰা কৰ্তব্যনিষ্ঠাৰ বাবে বর্ষশ্ৰেষ্ঠ বনপালক বঁটাৰে সন্মানিত কৰিছে। বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা,প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা,বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ পাঠক , অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, নিয়মীয়া বার্তাৰ সম্পাদক নৰেশ কলিতা , অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা, সাংবাদিক মুকুন্দ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে অনুষ্ঠানটোত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৩৫ জন বিশিষ্ট লোকক বঁটা প্ৰদান কৰাৰ লগতে জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয় । সাংবাদিক দীপক কুমাৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানত ৰাইটাৰ্ছ ফ’ৰাম অফ অসমৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীৰ ৰচিত “বিষ্ণু ৰাভাৰ সৃষ্টি আৰু দৰ্শন” আৰু বিশিষ্টা লেখিকা ড০ সীমা বৰাৰ ৰচিত “নীলাঞ্জন” উন্মোচন কৰা হয় । ড০ সংগীতা কাকতিৰ এটি ভক্তিমূলক গীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ড্ৰিমলী গগৈয়ে বিহুনাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । ইফালে অসম বন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব নিষ্ঠাৰে পালন কৰি অহা বনপালক পুলিন মহন্তক বর্ষশ্ৰেষ্ঠ বনপালক বঁটাৰে সন্মানিত কৰা বাবে সন্থাৰ সভাপতি ৰাজেন শইকীয়াই উদ্যোগতা সকলক ধন্যবাদ জ্ঞাপন কৰিছে । উল্লেখযোগ্য যে প্ৰায় পাঁচমাহ আগলৈকে গুৱাহাটীৰ গাতে লগা যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত পুলিন মহন্তই মেঘালয়ৰ পৰা নথিপত্ৰ বিহীনভাবে গুৱাহাটীলৈ সৰবৰাহ কৰা কেবাখনো কাঠৰ ট্ৰাক জব্দ কৰাৰ লগতে অবৈধভাৱে মাটি কটাৰ কেবাটাও ঘটনা ধৰা পেলাইছিল।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা